NORTHEAST NOW (Assamese)

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে এক আৰ টি আই অৰ্থাৎ তথ্য জনাৰ অধিকাৰ আইনৰ উত্তৰত প্ৰকাশ কৰিছে যে বিভিন্ন ৰাজ্যৰ নিৰ্মাণ শ্ৰমিক কল্যাণ বৰ্ডসমূহে শ্ৰমিকৰ কল্যাণৰ বাবে মালিকৰ পৰা সংগ্ৰহ কৰা ৭০,৭৪৪.১৬ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই। ২০০৫ চনৰ পৰা বৰ্ডসমূহে নিয়োগকৰ্তা বা মালিকৰ পৰা চেছ বা কৰ হিচাপে মুঠ ১,১৭,৫০৭.২২ কোটি টকা সংগ্ৰহ কৰিছে আৰু শ্ৰমিকসকলৰ বাবে ইয়াৰে ৬৭,৬৬৯.৯২ কোটি টকা আৱণ্টন কৰিছে।

১৯৯৬ চনত গৃহীত হোৱা এই আইনখনে ৰাজ্য চৰকাৰসমূহক নিৰ্মাণ কাৰ্যৰ ব্যয়ৰ ১ শতাংশৰ পৰা ২ শতাংশলৈকে কৰ সংগ্ৰহ কৰাৰ ক্ষমতা প্ৰদান কৰে। ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰলৈকে ৩৬ খন ৰাজ্যিক কল্যাণ বৰ্ডত প্ৰায় ৫,৭৩,৪৮,৭২৩ গৰাকী শ্ৰমিকে পঞ্জীয়ন কৰিছে। আনহাতে, ২০২০ চনৰ মাৰ্চ মাহত কভিড লডাউনৰ সময়ত যেতিয়া শ্ৰমিকসকলে খোজকাঢ়ি গাঁৱলৈ উভতি গৈছিল, তেতিয়া কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে তেওঁলোকক কোনো ধৰণৰ সহায় কৰা নাছিল বুলিও এক অভিযোগ উত্থাপন হৈছে।

এই সন্দৰ্ভত আৰ টি আই দাখিল কৰা ভাৰতৰ নিৰ্মাণ শ্ৰমিক ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক অৰ্ক ৰাজপণ্ডিতে কয় যে এই তথ্যই বিল্ডাৰ আৰু নিয়োগকৰ্তাসকলৰ বৃহৎ কৰ ফাঁকিৰ কথা উদঙাই দিছে। উদাহৰণস্বৰূপে, মহাৰাষ্ট্ৰত যোৱা ১৯ বছৰত মুঠ ১৯,৪৮৯.২৫ কোটি টকা সংগ্ৰহ কৰা হৈছে, যিটো বাস্তৱ হিচাপতকৈ বহুত কম। শ্ৰমিক নেতাগৰাকীয়ে যুক্তি দৰ্শাইছে যে ৰাজ্যসমূহে শ্ৰমিকৰ কল্যাণৰ বাবে সংগ্ৰহ কৰা ধনৰ অতি সামান্য অংশহে ব্যয় কৰিছে। তথ্য অনুসৰি, যোৱা ১৯ বছৰত মহাৰাষ্ট্ৰই ১৩,৬৮৩.১৮ কোটি টকা, কৰ্ণাটকে ৭,৯২১.৪২ কোটি টকা আৰু উত্তৰ প্ৰদেশে ৭,৮২৬.৬৬ কোটি টকা ব্যয় কৰিছে। বৰ্তমান মহাৰাষ্ট্ৰৰ একাউণ্টত ৯,৭৩১.৮৩ কোটি, কৰ্ণাটকৰ হাতত ৭,৫৪৭.২৩ কোটি আৰু উত্তৰ প্ৰদেশৰ হাতত ৬,৫০৬.০৪ কোটি টকা জমা আছে।

শ্ৰীযুত ৰাজপণ্ডিতে লগতে কয় যে যদি কেন্দ্ৰীয় চৰকাৰে নতুন সামাজিক নিৰাপত্তা বিধি কাৰ্যকৰী কৰে, তেন্তে কৰ সংগ্ৰহ প্ৰক্ৰিয়া দুৰ্বল হৈ পৰিব কিয়নো ইয়াত মালিকক নিজৰ কৰ নিজেই নিৰ্ধাৰণ কৰাৰ সুবিধা দিয়া হৈছে। আগতে আইন অনুসৰি শ্ৰমিকসকলক বিনামূলীয়া অস্থায়ী বাসস্থান, খোৱাপানী আৰু শৌচালয়ৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক আছিল, কিন্তু নতুন বিধিয়ে এই অধিকাৰসমূহ নোহোৱা কৰাৰ আশংকা আছে। তেওঁ কয় যে কেৰালাক বাদ দি বেছিভাগ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে এই আইনখন সঠিকভাৱে ৰূপায়ণ কৰা নাই আৰু শ্ৰমিকসকলক প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে। বাওঁপন্থী ট্ৰেড ইউনিয়নৰ প্ৰতিনিধিক আঁতৰাই ৰখাৰ উদ্দেশ্যে বহু ৰাজ্য চৰকাৰে কল্যাণ বৰ্ডসমূহ পুনৰ গঠন কৰা নাই বুলিও তেওঁ অভিযোগ উত্থাপন কৰে আৰু লগতে কয় যে বৰ্ডৰ ধন ৰাজ্যৰ কোষাগাৰলৈ নিয়াৰ চেষ্টা চলি আছে।

Related News