NORTHEAST NOW (Assamese)

ভীষ্মৰ জন্ম কাহিনী : জানো আহক, মহাভাৰতৰ এক আমোদজনক অধ্যায়ৰ বিষয়ে

December 29, 2024 8:37 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 29, 2024 3:14 pm

মহাভাৰতত বৰ্ণিত কাহিনী অনুসৰি এসময়ত হস্তীনাপুৰত প্ৰতীপৰ নামৰ এগৰাকী ৰজা আছিল। ৰজা প্ৰতীপৰ পুত্ৰ আছিল শান্তনু। প্ৰতীপৰ পিছত শান্তনুৱে হস্তীনাপুৰৰ ৰজা হিচাপে দায়িত্ব গ্ৰহণ কৰে।

এদিন ৰজা শান্তনুৱে গংগাক দেখা পাই ৰূপ-যৌৱনত ভোল গৈ গংগাক বিয়া কৰাব বিচাৰিলে। শান্তনুৰ বিবাহৰ প্ৰস্তাৱত গংগাই চৰ্তসাপেক্ষে শান্তনুক বিয়া কৰাবলৈ ৰাজী হ’ল। গংগাই চৰ্ত আৰোপ কৰিলে যে গংগাৰ কোনো কামত ৰজা শান্তনুৱে কেতিয়াও বাধা আৰোপ কৰিব নোৱাৰিব। যদি গংগাক কিবা কাৰণত বাধা আৰোপ কৰে তেন্তে গংগাই শান্তনুক এৰি গুচি যাব।

ইফালে শান্তনুৱেও গংগাক পত্নী হিচাপে পোৱাৰ লোভত নিমিষতে গংগাৰ এই চৰ্ত মানি ল’লে। দুয়োৰে বিবাহ ধুম-ধামেৰে হৈ গ’ল। বিয়াৰ পিছত গংগাই এটা এটাকৈ সাতটা সন্তান জন্ম দিলে। কিন্তু প্ৰতিটো সন্তানকেই জন্মৰ পিছত নদীত উটুৱাই দিলে গংগাই। পূৰ্বৰ চৰ্ত সাপেক্ষে শান্তনুৱেও গংগাক এই কামত বাধা দিব নোৱাৰিলে।

কিন্তু যেতিয়া শান্তনু আৰু গংগাৰ অষ্টমটো সন্তান জন্ম হ’ল তেতিয়া গংগাই অষ্টম সন্তানটো নদীত উটুৱাই দিবলৈ লওঁতে শান্তনুৱে নিজকে চম্ভালিব নোৱাৰিলে আৰু গংগাক বাধা আৰোপ কৰিলে। গংগাই তেতিয়া অষ্টমটো সন্তান শান্তনুৰ হাতত গতালে আৰু চৰ্ত অনুসৰি শান্তনুক এৰি চিৰদিনৰ বাবে গুচি গ’ল।

উল্লেখ্য যে এই অষ্টম সন্তানটি পূৰ্বজন্মত অষ্টৱসু আছিল। পূৰ্ব জন্মত ব্ৰহ্মাৰ অভিশাপত গংগা শান্তনুৰ পত্নী হব লগা হল আৰু মুনি বশিষ্ঠৰ অভিশাপত অষ্টবসুৱে মৰ্ত্যৰ মানৱ হৈ জন্ম লব লগা হল। গংগা আৰু শান্তনুৰ পুত্ৰ হৈ অষ্টৱসুৱে হস্তীনাপুৰৰ ৰাজকুমাৰ দেৱব্ৰত হিচাপে পৰিচিতি লাভ কৰিলে। এই দেৱব্ৰতেই পিছলৈ ভীষ্ম নামেৰে পৰিচিত হ’ল।

লগতে পঢ়কঃ মুচুকুন্দৰ বিষয়ে জানেনে? জানো আহক মহাভাৰতৰ এজন ধাৰ্মিক ৰজাৰ কাহিনী
লগতে পঢ়কঃ ৰাৱণৰ মৃত্যুৰ পিছত কাৰ লগত বিয়া হ’ল পত্নী মন্দোদৰী ? 

Related News