কৰ’নাত আক্ৰান্ত হৈছে বশিষ্ঠ আৰক্ষী থানাৰ প্ৰথমজন আৰক্ষী বিষয়া ৷
বশিষ্ঠ থানাৰ উপ পৰিদৰ্শক দীপজ্যোতি ইংতি কোভিড-১৯ত আক্ৰান্ত হৈছে।
বৃহস্পতিবাৰে দিনৰ ভাগত কিছু পৰিমানে অসুস্থ হৈ পৰিছিল উপ পৰিদৰ্শক দিপজ্যোতি ইংতি।
ইয়াৰ পাছতে সৰু সজাই ষ্টেডিয়ামত ৰেপিড টেষ্ট কৰিছিল ইংতিয়ে ৷
ৰেপিড টেষ্টৰ ফলাফলত বিষয়াজনৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে।
বিষয়াজনৰ পত্নীও আক্ৰান্ত হৈছে কৰ’নাত ৷
বিষয়াজনক ইতিমধ্যে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বৃহস্পতিবাৰলৈ ইংতিৰ সংস্পৰ্শলৈ অহা লোকসকলৰ আজি নমুনা সংগ্ৰহ সংগ্ৰহ কৰা হ’ব ৷
ইপিনে বৃহস্পতিবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যত ৮৯২ জন লোক কৰ’না আক্ৰান্ত ধৰা পৰে ৷ কামৰূপ মহানগৰ জিলাত মুঠ ৫৯৮ জন আক্ৰান্ত হয় কৰ’নাত।
ৰাজ্যত মুঠ ২০৬৪৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷
আনহাতে, গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি পাই আহিছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।