NORTHEAST NOW (Assamese)

অসম বিধানসভাত আজি দাখিল নহ’ল বাজেট, শুকুৰবাৰে দাখিলৰ সম্ভাৱনা

February 11, 2021 5:14 pm · এন ই নাও নিউজ

অসম বিধানসভাত আজি ২০২১-২০২২ বিত্তীয় বৰ্ষৰ লেখানুদান(ভোট অন একাউণ্ট বাজেট) দাখিল হোৱাৰ কথা আছিল যদিও মূৰকত বাজেট দাখিল প্ৰক্ৰিয়া স্থগিত ৰখাৰ কথা ঘোষণা কৰা হয়।

কাইলৈ অৰ্থাৎ শুকুৰবাৰে বিধানসভাৰ মজিয়াত লেখানুদান দাখিল হোৱাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে।

অসম চৰকাৰৰ ফালৰ পৰা বিধানসভাত পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কিয় লেখানুদান দাখিল কৰা নহ’ল তাৰ কোনো স্পষ্ট কাৰণ উল্লেখ কৰা নাই যদিও কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিততে আজি বিধানসভাত লেখানুদান দাখিল নহ’ল বুলি বহুতে অনুমান কৰিছে।

কিয়নো আজি চিৰাং জিলালৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ দিবলগীয়া হৈছে অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিত্তমন্ত্ৰীৰ অনুপস্থিতিৰ বাবেই বাজেট দাখিল কৰা নহ’ল বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে বাজেট দাখিলৰ সৈতে অমিত শ্বাহৰ অসম ভ্ৰমণৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দি বিধানসভাৰ সচিব অমৰেন্দ্ৰ নাৰায়ণ ডেকাই কয় যে আজি বাজেট দাখিলৰ লগতে ৰাজ্যপালৰো ভাষণ আছিল।

দুয়োটা কাৰ্যসূচীয়েই যিহেতু যথেষ্ঠ সময় ব্যয় হোৱা কাৰ্যসূচী সেইবাবেই বাজেট দাখিলৰ পৰ্ব স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বাজেট দাখিলৰ সিদ্ধান্ত স্থগিত ৰখাৰ বাবে যোৱা নিশাই বিধানসভাৰ পৰামৰ্শদাতা সমিতিয়ে সহমতত উপনীত হোৱা বুলিও তেওঁ কয়।

Related News