ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ অহা টেষ্ট শৃংখলাক ‘টেণ্ডুলকাৰ-কুক’ ট্ৰফীৰ নামেৰে নামাকৰণ কৰিব লাগে বুলি উল্লেখ কৰে ইংলেণ্ডৰ প্ৰাক্তন স্পীনাৰ মণ্টি পানেছাৰে।
‘‘ভাৰত আৰু ইংলেণ্ড দুয়োখন দেশৰ বাবে শচীন টেণ্ডুলকাৰ আৰু এলেষ্টেয়াৰ কুকে সৰ্বাধিক টেষ্ট ৰান সংগ্ৰহ কৰিছে। দুয়োগৰাকী মহান ক্ৰিকেটাৰে পৰস্পৰৰ বিৰুদ্ধে বহুবাৰ অৱতীৰ্ণ হৈছে,’’ মণ্টি পানেছাৰে কয়।
‘‘আমি জানো যে শচীন টেণ্ডুলকাৰ ক্ৰিকেটৰ এগৰাকী সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাতাৰকা আৰু এতিয়ালৈ টেণ্ডুলকাৰৰ নামত কোনো শৃংখলা অনুষ্ঠিত কৰা হোৱা নায়,’’ ইংলেণ্ডৰ ভাৰতীয় মূলৰ প্ৰাক্তন স্পীনাৰ গৰাকীয়ে পুনৰ কয়।
উল্লেখযোগ্য যে, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ অহা টেষ্ট শৃংখলাক ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ নামেৰে নামাকৰণ কৰা হৈছে।
তেনেদৰে অন্য দেশৰ তাৰকা ক্ৰিকেটাৰ সকলৰ নামেৰেও বিভিন্ন শৃংখলা অনুষ্ঠিত হৈ আহিছে।
ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ইংলেণ্ডে ভাৰতক বিশাল ব্যৱধানত পৰাস্ত কৰি শৃংখলাত ১-০-ৰ অগ্ৰগতি লবলৈ সক্ষম হৈছে।