অসম মহিলা বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন সম্পন্ন

যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত দেওবাৰে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ৩২৫ গৰাকী উৰ্ত্তীণ ছাত্ৰীয়ে অসম মহিলা বিশ্ববিদ্যালয়ৰ মাননীয় আচাৰ্য তথা অসমৰ ৰাজ্যপাল শ্ৰীযুত গোলাব চান্দ কাটাৰিয়াৰ পৰা ডিগ্ৰী গ্ৰহণ কৰে।

এই সমাৱৰ্তনতে বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী কল্পনা খাউণ্ডক তেওঁৰ শৈক্ষিক আৰু সমাজিক অবদানৰ স্বীকৃতি হিচাপে অসম মহিলা বিশ্ববিদ্যালয়ৰ সন্মানীয় (honoris causa)  ডি.লিট উপাধি প্ৰদান কৰা হয় ।

ভাষণ প্ৰসংগত অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই কয় যে বিশ্ববিদ্যালয়খন অকল পঢ়া-শুনাৰে ঠাই নহয়, এয়া হৈছে এগৰাকী লোকৰ সৰ্বাংগীন বিকাশৰ এখন আখৰাথলী। বিশ্ববিদ্যালয়ত প্ৰৱেশ হৈছে এগৰাকী ছাত্ৰীৰ প্ৰজ্ঞাৰ অনুসন্ধানৰ আৰম্ভণি আৰু বিশ্ববিদ্যালয়ৰ পৰা প্ৰস্থান হৈছে সমাজ সেৱাৰ আৰম্ভণি। এই গোটেই প্ৰক্ৰিয়াটো সম্ভৱ হয় শিক্ষকসকলৰ অহোপুৰুষাৰ্থ দিক দৰ্শনৰ মাধ্যমেৰে। তেওঁ আৰু কয় যে অসম নাৰী শিক্ষাৰ ক্ষেত্ৰত তুলনামূলকভাৱে অগ্ৰনী।

সমাৱৰ্তনৰ সন্মানীয় অতিথিৰ ভাষণ প্ৰসংগত অধ্যাপক শীলা বৰাই কয় যে বিশ্ববিদ্যালয় হৈছে সংস্কৃতিৰ ভঁৰাল ঘৰ আৰু বিশ্ববিদ্যালয় বিলাকক দায়িত্ব দিয়া হয় যাতে, স্নাতক সকল ভাটৌৰ দৰে শিকাৰু নহৈ প্ৰকৃত বোধশক্তিৰে বিকশিত হৈ উঠে।

ইয়াৰ পাছতে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে বিশ্ববিদ্যালয়খনৰ সামগ্ৰিক উন্নয়ন আৰু ভৱিষ্যত পৰিকল্পনাৰ এক খতিয়ান দাঙি ধৰে। স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয় যে শিক্ষা এক জীৱন ব্যাপি চলি থকা প্ৰচেষ্টা, সেয়ে এই শিক্ষা গ্ৰহণ প্ৰচেষ্টা অব্যাহত ৰাখি, বৈচিত্ৰক সাৱটি চেনেহ সম্প্ৰীতিৰে জীৱন আগবঢ়াই নিয়া উচিত।

সমাৱৰ্তনৰ শৈক্ষিক সমদলক নেতৃত্ব প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে। বিশ্ববিদ্যালয়ৰ কৰ্ট, একজিকিউটিভ কাউন্সিল, একাডেমিক কাউন্সিলৰ সদস্য সকল, বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষক, কৰ্মচাৰী,ছাত্ৰী একতা সভাৰ সদস্য আৰু জিলা প্ৰশাসনৰ বিষয়া সকল এই সমাৱৰ্তনত উপস্থিত আছিল।

সমাৱৰ্তনৰ অন্ত পৰাৰ লগে লগে দ্বিতীয় প্ৰাক্তন ছাত্ৰী সমাৰোহখনি আৰম্ভ হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক পল্লৱী ডেকা বুজৰবৰুৱা। তেখেতে ছাত্ৰীসকলক উদ্দেশ্যি কয় যে নাৰী শক্তিৰ উত্থানৰ বাবে অসম মহিলা বিশ্ববিদ্যালয় প্ৰতিভূ হিচাপে থিয় দি ৰৈছে। সেয়ে ছাত্ৰীসকলে মানৱ সম্পদ হিচাপে স্বীকৃতি লাভৰ হকে অহোপুৰুষাৰ্থ প্ৰচেষ্টা আৰু কৰ্ষণ অব্যাহত ৰখাটো নিতান্তই প্ৰয়োজনীয় দিশ।