আজিৰে পৰা ঘোষণা কৰা তিনিদিনীয়া কোকৰাঝাৰ জিলা বন্ধ প্ৰত্যাহাৰ

Story-6-5-1140x570-750x375

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ(বিজেএছএম) আৰু আন কেইবাটাও জনজাতীয় সংগঠনে আজিৰে পৰা আহ্বান দিয়া তিনিদিনীয়া কোকৰাঝাৰ জিলা বন্ধ প্ৰত্যাহাৰ কৰা হৈছে।

অক্টোবৰৰ ১২, ১৩ আৰু ১৪ তাৰিখে তিনিদিনৰ বাবে আহ্বান জনোৱা এই বন্ধ কাৰ্যসূচী কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ সৈতে হোৱা আলোচনাৰ পাছত প্ৰত্যাহাৰ কৰা হয়।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জিলাখনলৈ প্ৰস্তাৱিত  ভ্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ জনাই বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ(বিজেএছএম)আৰু আন ১২টা জনজাতীয় সংগঠনে আজিৰে পৰা তিনিদিনীয়া কোকৰাঝাৰ জিলা বন্ধৰ আহ্বান দিছিল।

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ(বিজেএছএম)ৰ দায়িত্ববাহী সভাপতি দাওৰাও দেখৰেব নাৰ্জাৰীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে যে মুখ্য মন্ত্ৰী আৰু আন বিজেপি নেতাৰ কোৰাঝাৰ ভ্ৰমণৰ প্ৰতিবাদত আহ্বান দিয়া তিনিদিনীয়া কোকৰাঝাৰ বন্ধ উঠাই লোৱা হৈছে।

বিজ্ঞপ্তিতলগতে কোৱা হয় যে তেওঁলোকে যিবোৰ বিষয় তুলি ধৰি বন্ধৰ  আহ্বান দিছিল, সেইবোৰ সম্যকভাৱে বিবেচনা কৰিব বুলি আশা কৰিছে।

পূৰ্বে বিজেএছএমৰ সভাপতি জনকলাল বসুমতাৰীয়ে অভিযোগ কৰিছিল যে বৰ্তমান ৰাজ্য চৰকাৰে ‘বি টি আৰ’ আৰ্হিত স্বাক্ষৰিত তথাকথিত নতুন বড়ো চুক্তিৰ ৰূপায়নৰ দ্বাৰা বিটিএডি আৰু বিটিচি ভংগ কৰাৰ এক ধ্বংসকাৰী তথা দুৰ্ভাগ্যজনক প্ৰচেষ্টা চলাইছে।

চুক্তিখনক এক ‘অসাৰ্থক’ বুলি অভিহিত কৰি তেওঁ অভিযোগ কৰিছিল যে ইয়াৰ দ্বাৰা খিলঞ্জীয়া বড়ো জনজাতি লোকসকলৰ এখন সুকীয়া ৰাজ্যৰ ৫০ বছৰীয়া পুৰণি যুক্তিসংগত দাবীক মষিমূৰ কৰাৰ বাবে এটা নতুন ৰাজনৈতিক অভিসন্ধি কৰা হৈছে।

এক বিবৃতিত তেওঁ কৈছিল যে জনজাতীয় সংগঠনসমূহে ৰাজ্য চৰকাৰৰ এনে নিৰ্ণায়ক ৰাজনৈতিক ষড়যন্ত্ৰৰ প্ৰবল বিৰোধিতা কৰিছে।

বসুমতাৰীয়ে লগতে কৈছিল যে যোৱা ৭ অক্টোবৰত অসম চৰকাৰৰ কেবিনেটে সংবিধানৰ ৩৪৫ অনুচ্ছেদৰ অধীনত ৰাজ্য ভাষাৰ মৰ্যাদা প্ৰদানৰ পৰিৱৰ্তে বড়ো ভাষাক অসমৰ সহযোগী ভাষা হিচাপে গ্ৰহণ কৰি জাননী জাৰি কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে জনজাতীয় সংগঠনসমূহে।

তেওঁলোকে অসম চৰকাৰৰ এক অনিৰ্দিষ্টকাললৈ বিটিচিৰ নিৰ্বাচন পিছুওৱাৰ কৌশল তথা বিটিএডিত ৰাজ্যপালৰ শাসন বৃদ্ধি কৰাৰ প্ৰৱণতাৰো তীব্ৰ বিৰোধিতা কৰা বুলি জানিব দিছিল।