• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত ২০ ছেপ্টেম্বৰত মৰিগাঁৱত তিৱা সংগঠনৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2018 10:02 am
তিৱা স্বায়ত্ত পৰিষদ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে যি সিদ্ধান্ত লৈছিল সেই সিদ্ধান্তক ৰাভা হাছঙৰ বিভিন্ন দল-সংগঠনে বিৰোধিতা কৰাৰ সমান্তৰালকৈ এতিয়া মৰিগাঁৱতো তীব্ৰ বিৰোধিতা কৰিছে বহুকেইটা তিৱা জাতীয় সংগঠনে।

মঙলবাৰে সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ-ছাত্ৰ পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি, সদৌ তিৱা মহিলা সন্থা, মৰিগাঁও জিলা ট্ৰাইবেল সংঘ আৰু তিৱা মাথনলাই তখ্ৰা অৰ্থাৎ তিৱা সাহিত্য সভা আৰু স্বায়ত্ত শাসন দাবী সংগ্ৰামী মঞ্চই অসম চৰকাৰৰ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ সিদ্ধান্তক বিৰোধিতা কৰে।

মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ৰ সভাগৃহত মঙলবাৰে অনুষ্ঠিত এখন সংবাদমেলত তিৱা জাতীয় সংগঠনকেইটাৰ নেতৃবৃন্দই অভিযোগ কৰি কয় যে চৰকাৰে ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ কৰি দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্ট আৰু মৰিগাঁও জিলাৰ ৭টা ট্ৰাইবেল ব্লক সমূলন্সে নিঃচিহ্ন কৰাৰ পৰিকল্পনা ৰচিছে।

উল্লেখযোগ্য যে তিৱা স্বায়ত্ত পৰিষদৰ অন্তৰ্গত ২৬৮খন গাঁও আৰু তিনিটা ৰাজহ চক্ৰক ৰাজধানী সম্প্ৰসাৰণৰ ক্ষেত্ৰত সামৰি লোৱা হৈছে। ইয়াৰ জৰিয়তে চৰকাৰে তিৱা স্বায়ত্ত পৰিষদখনক অস্তিত্বহীন কৰাৰ এক কু অভিসন্ধিত লিপ্ত হোৱা বুলি অভিযোগ কৰে তিৱা সংগঠনৰ নেতৃবৃন্দই।

ইফালে একাংশ মন্ত্ৰী আৰু আমোলাৰ সহযোগত বহিৰাগত পুঁজিপতিসকলে অসম ভূমি আইনৰ ১০নং অনুচ্ছেদ উলংঘা কৰি জনজাতি বেল্ট ব্লক তথা আবেষ্টনী আৰু খণ্ডসমূহৰ আধাতকৈয়ো বেছি ভূমি হস্তগত কৰা বুলিও কালিৰ সংবাদমেলত উল্লেখ কৰে।

আনহাতে সংবাদমেলতে তিৱা জাতীয় সংগঠন কেইটাই জানিবলৈ দি কয় যে অহা ২০ ছেপ্তেম্বৰত মৰিগাঁও চহৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰাজ্যিক ৰাজধানী উন্নয়ন প্ৰাধিকৰণ আইনখন বাতিল কৰাৰ দাবীত ৰাতিপুৱা ১০ বজাৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। যদিহে এই কাৰ্যসূচীৰ পাছত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে তেন্তে পৰৱৰ্তী পৰ্যায়ত ধাৰাবাহিকভাৱে আন্দোলন কৰি যাব বুলি হুংকাৰ প্ৰদান কৰে সংবাদমেলত।

কালিৰ সংবাদমেলত (আটছু)ৰ সভাপতি দ্বীপেন মছৰং, সাধাৰণ সম্পাদক সুভাষ কোঁৱৰ, উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং, তিৱা যুৱ-ছাত্ৰ পৰিষদৰ সম্পাদক ৰত্নেশ্বৰ দেউৰী, সদৌ তিৱা মহিলা সন্থাৰ সম্পাদিকা টুটুমণি ডেকা ৰজা, তিৱা মাথন্‌লাই তখ্ৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ সভাপতি লালচিং মাদাৰৰ লগতে বহুতো লোক উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

এটা-দুটা নহয়, সৌৰজগতৰ বাহিৰত ৬ হাজাৰ গ্ৰহৰ আৱিষ্কাৰ; আৰু আছে স্বীকৃতিৰ অপেক্ষাত, জনালে নাছাই

September 18, 2025 4:25 pm
উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

উত্তৰাখণ্ডৰ চামোলীত ধাৰাসাৰ বৰষুণ : বিধ্বংসী ৰূপ ধাৰণ কৰিছে ধ্বংসাৱশেষে, নিৰুদ্দেশ ১০ জন

September 18, 2025 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd