মণিপুৰী ষ্ট্ৰাইকাৰৰ চমৎকাৰীতাৰ বাবেই এ এফ চি চেম্পিয়নশ্বিপত যোগ্যতা অৰ্জন ভাৰতৰ

india-u16 zbekistan

ভাৰতৰ ১৬ বছৰ অনূৰ্ধ্ব ফুটবল দলটোৱে অহা বছৰ বাহৰেইনত হ’ব লগীয়া ২০২০ এ এফ চি চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

বিবিয়ানো ফাৰ্ণাণ্ডেজৰ ভাৰতীয় দলটোৱে আজিৰ এখন যোগ্যতা নিৰ্ণয়কাৰী মেচত উজবেকিস্তানৰ সৈতে ১-১ত ড্ৰ খেলে। ইয়াৰ লগে লগে ভাৰতীয় দলটোৱে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।

ভাৰতীয়ে দলটোৱে তিনিওখন কোৱালিফায়িং মেচৰ পৰা ৭ পইণ্ট সংগ্ৰহ কৰি বি গ্ৰুপত শীৰ্ষস্থান অধিকাৰ কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে খেলা গ্ৰুপৰ আন দুখন মেচত ভাৰতে তুৰ্কমেনিস্তান আৰু বাহৰেইনক বৃহৎ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছিল। ভাৰতীয় দলটোৱে দুয়োটা দলকে ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে।

আজি উজবেকিস্তানৰ জাৰ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ভাৰতে ৬৬ মিনিটত শ্ৰীদাৰ্থ নংমেইকাপাঙৰ জৰিয়তে অগ্ৰগতি লাভ কৰে। কিন্তু এই অগ্ৰগতি বেছি সময়লৈ থাকিব নিদি ৮১ মিনিটত ঘৰুৱা দল উজবেকিস্তানে সমতা স্থাপন কৰিবলৈ সক্ষম হয়।

উজবেকিস্তানৰ হৈ গ’লটো দিয়ে ৰিয়ান ইছলামোভে।

উল্লেখ্য যে গ্ৰুপ বিৰ মেচ তিনিখনত ভাৰতৰ হৈ চমৎকাৰ প্ৰদৰ্শন আগবঢ়াইছিল নংমেইকাপাঙে। প্ৰতিভাধৰ উদীয়মান মণিপুৰী ষ্ট্ৰাইকাৰ গৰাকীয়ে মেচ তিনিখনত পাঁচটা গ’ল কৰি শীৰ্ষ গ’লদাতা ৰূপে পৰিগণিত হয়।

ভাৰতীয় দলটোৰ এনে ইতিহাস সৃষ্টিকাৰী প্ৰদৰ্শনত যথেষ্ট আনন্দিত হৈ পৰিছে ভাৰতৰ ফুটবল প্ৰেমী সকল।