দেশে স্বাধীনতা লাভ কৰাৰ ৭০ বছৰ অতিক্ৰম কৰিলে যদিও চৰকাৰৰ বঞ্চনাৰ বাবে ৰাজ্যৰ ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীয়ে একপ্ৰকাৰ পৰাধীন অৱস্থাত থাকিবলৈ বাধ্য হৈছে ৷ ভেন্সাৰ শিক্ষকসকল স্বাধীন দেশৰ নাগৰিক হয়নে বুলি গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই ৷
এক প্ৰেছ বিবৃতিত শনিবাৰে ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ছবেদ ভূঞা আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই চৰকাৰলৈ এই প্ৰশ্ন উত্থাপন কৰে ৷ যদিহে এইসকল শিক্ষক কৰ্মচাৰী স্বাধীন দেশৰ নাগৰিক হয় তেন্তে এইসকল শিক্ষক কৰ্মচাৰী কিয় বছৰ বছৰ ধৰি ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে তাকলৈও চৰকাৰলৈ প্ৰশ্ন তোলে ঐক্যমঞ্চৰ নেতাদ্বয়ে ৷
বিবৃতিটোত জনায় যে, পৰাধীনতাৰ শিকলি পিন্ধা দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীৰ বহুতেই খালী হাতে অৱসৰ গ্ৰহণ কৰাৰ লগতে কেইবাজনো শিক্ষক কৰ্মচাৰীয়ে আত্মহনন কৰিবলৈ বাধ্য হৈছে ৷ আন একাংশই আৰ্থিক দীনতাৰ বাবে উন্নত চিকিৎসাৰ অভাৱত ইহসংসাৰৰ পৰা বিদায় লৈছে ৷
একেদৰে গৰিষ্ঠ সংখ্যক শিক্ষক-কৰ্মচাৰীয়ে অৱসৰৰ ক্ষণ গণিছে যদিও ভেন্সাৰ শিক্ষক কৰ্মচাৰীৰ সমস্যাৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলিও বিবৃতিটোত জনায় ৷ বিবৃতিটোত পুনৰ উল্লেখ কৰে যে, গণতান্ত্ৰিক দেশ এখনত ৰাইজৰ অভাৱ অভিযোগবোৰ বুজ লৈ চৰকাৰখনে তেনে সমস্যা সমাধান কৰে যদিও ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ প্ৰতি চৰকাৰখনৰ কোনো দৰদ নাই ৷
আনহাতে, দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীক সকাহ দিয়াৰ পৰিৱৰ্তে পূৰ্বৰ চৰকাৰৰ দিনত পাই থকা বিত্তীয় সাহাৰ্যখিনিও বৰ্তমানৰ চৰকাৰখনে ষড়যন্ত্ৰমূলকভাবে কাঢ়ি নিয়া বুলি উল্লেখ কৰা হৈছে ৷ ভেন্সাৰ শিক্ষকৰ কাঢ়ি নিয়া বিত্তীয় সাহাৰ্যৰ টকাৰে চৰকাৰখনে কেৱল প্ৰচাৰত ব্যস্ত থকা বুলিও ঐক্যমঞ্চৰ নেতাদ্বয়ে জনায় ৷
স্মৰ্তব্য যে, ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনত অধিষ্ঠিত পৰিবৰ্তনকামী চৰকাৰখনৰ আঢ়ৈ বছৰীয়া কাৰ্যকালত ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক এটা ফুটা কড়ি দিবলৈ সক্ষম নহ’ল ৷