NORTHEAST NOW (Assamese)

প্ৰথমে দলবদ্ধ ধৰ্ষণ, তাৰপিছত বিদ্যালয়ৰ ছাদৰ পৰা গতিয়াই হত্যা ছাত্ৰীক

May 30, 2023 7:35 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 30, 2023 4:45 pm

উত্তৰ প্রদেশৰ অযোধ্যা চহৰৰ শিক্ষানুষ্ঠান ‘চানবিম হাইস্কুল’ত সংঘটিত হৈছে এটা জঘন্য কাণ্ড। 

চানবিম হাইস্কুলৰ এগৰাকী ছাত্ৰীক দলবদ্ধভাবে ধৰ্ষণ কৰি বিদ্যালয়ৰ ছাদৰ পৰা তললৈ গতিয়াই দি হত্যাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সূত্ৰ অনুসৰি যোৱা শুক্ৰবাৰে এই ঘটনা সংঘটিত হৈছে। 

ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ পিচত স্কুলৰ প্রধান আচাৰ্য ৰশ্মি ভাটিয়া, স্কুলখনৰ মেনেজাৰ ব্ৰীজেশ যাদৱ আৰু ক্ৰীড়া বিষয়ৰ শিক্ষক অভিষেক কানোজিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ 

অভিযোগমতে শুকুৰবাৰে পুৱা প্রধান আচাৰ্যই  ছাত্ৰীগৰাকীক স্কুললৈ মাতি পঠিয়াইছিল। তাৰ পিচতে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰি বিদ্যালয়ৰ ছাদৰ পৰা গতিয়াই হত্যা কৰা হয়।

সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিচত আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। ইতিমধ্যে অধিক তথ্যৰ আৰু দোষীক আদালতত দোষী সাব্যস্ত কৰাৰ বাবে অধিক তদন্ত অব্যাহত ৰাখিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। 

Related News