• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

ভাৰতত পাছপ'ৰ্ট কেৱল ভাৰতীয় নাগৰিককহে প্ৰদান কৰা হয় যদিও ই নাগৰিকত্বৰ প্ৰমাণ নহয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ১৪ সংখ্যক পাছপ'ৰ্ট সেৱা দিৱসত এই কথা স্পষ্ট কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2026 8:31 pm
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত পাছপ‘ৰ্ট কেৱল ভাৰতীয় নাগৰিককহে প্ৰদান কৰা হয় যদিও ই নাগৰিকত্বৰ প্ৰমাণ নহয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ১৪ সংখ্যক পাছপ’ৰ্ট সেৱা দিৱসত এই কথা স্পষ্ট কৰি দিছে। মন্ত্ৰালয়ৰ মতে, পাছপ’ৰ্ট হৈছে মূলতঃ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে চৰকাৰে প্ৰদান কৰা এখন নথিপত্ৰ। অৰ্থাৎ হাতত পাছপ’ৰ্ট থকা মানেই কোনো লোক ভাৰতৰ নাগৰিক বুলি একেবাৰে প্ৰমাণিত নহয়। যিহেতু অনা-নাগৰিকক পাছপ’ৰ্ট দিয়া নহয়, সেয়েহে এই কথাই এক আচৰিত পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু ছচিয়েল মিডিয়া এক্সত নাগৰিকত্বৰ প্ৰকৃত প্ৰমাণ কি, সেই লৈ এক গভীৰ বিতৰ্কৰো সূচনা কৰিছে।

পাছপ‘ৰ্ট এখন পালেই সেয়া আপোনাৰ নিজা সম্পত্তি হৈ নপৰে। পাছপ’ৰ্টৰ পিছফালে স্পষ্টকৈ লিখা থাকে যে এইখন ভাৰত চৰকাৰৰ সম্পত্তি আৰু চৰকাৰে বিচাৰিলে যিকোনো সময়তে ইয়াক ঘূৰাই দিব লাগিব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়েও স্পষ্ট কৰি দিছিল যে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়, ই কেৱল পৰিচয়ৰ প্ৰমাণহে। ঠিক একেদৰে, ভোটাৰ পৰিচয় পত্ৰকো নাগৰিকত্বৰ নথিপত্ৰ বুলি ধৰা নহয়, ই মূলতঃ পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ, যিয়ে নিৰ্বাচনত ভোট দিয়াৰ অধিকাৰ দিয়ে।

Apply Now

এতিয়া প্ৰশ্ন হয়, নাগৰিকত্ব আইন অনুসৰি কোন ভাৰতীয়? ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ১৯৮৭ চনৰ ১ জুলাইৰ ভিতৰত ভাৰতত জন্মগ্ৰহণ কৰা লোকসকল জন্মসূত্ৰে ভাৰতীয়। ১৯৮৭ চনৰ জুলাইৰ পিছত জন্ম হোৱাসকলৰ পিতৃ বা মাতৃৰ কোনোবা এজন ভাৰতীয় হ’লে তেওঁলোকে নাগৰিকত্ব দাবী কৰিব পাৰে। আনহাতে, ২০০৪ চনৰ ৩ ডিচেম্বৰ বা তাৰ পিছত জন্ম হোৱাসকলৰ ক্ষেত্ৰত পিতৃ আৰু মাতৃ দুয়োজনেই ভাৰতীয় হ’ব লাগিব, বা এজন ভাৰতীয় আৰু আনজন জন্মৰ সময়ত অবৈধ প্ৰব্ৰজনকাৰী নহ’লেহে জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰিব পাৰিব।

ইয়াৰ উপৰিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাছপ‘ৰ্ট সেৱাৰ সফলতাৰ কথাও উল্লেখ কৰে আৰু চিপ-যুক্ত ই-পাছপ’ৰ্টৰ আৰম্ভণিৰ কথা জনায়। এজন বিষয়াই জনোৱা মতে, ২০২৫ চনত চৰকাৰে ১.৫ কোটি পাছপ’ৰ্ট আৰু ইয়াৰ লগত জড়িত সেৱা প্ৰদান কৰিছে, যাৰ ভিতৰত কেৱল পাছপ’ৰ্টৰ সংখ্যাই হৈছে ১.৩৯ কোটি। সেৱাৰ দ্ৰুততাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰালয়ে জনায় যে এতিয়া পুলিচ ভেৰিফিকেচনৰ সময়খিনি বাদ দি মাত্ৰ ছটা কৰ্মদিনৰ ভিতৰতে পাছপ’ৰ্ট প্ৰদান কৰা হয়। নাগৰিকসকলে এতিয়া পাছপ’ৰ্ট সেৱা কেন্দ্ৰত গড়ে ৪৫ মিনিটতকৈও কম সময় কটাব লগা হয়। যোৱা এক দশকত পাছপ’ৰ্ট কেন্দ্ৰৰ সংখ্যা ৭৭ খনৰ পৰা ৫৪৫ খনলৈ বৃদ্ধি পোৱাৰ বাবেই এই সেৱা ইমান দ্ৰুত হৈ পৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd