NORTHEAST NOW (Assamese)

পৰিচয় ওলাল চুপাৰ মাৰ্কেটৰ উৰণ সেঁতুত দুৰ্ঘটনাত নিহত যুৱতীৰ

December 23, 2024 1:31 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 23, 2024 1:32 pm

দেওবাৰে নিশা মহানগৰীত সংঘটিত হয় এক ভয়ানক পথ দু্ৰ্ঘটনা।

তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হয় ৰেপিড’ চালক ৰঞ্জিত ৰাজবংশী আৰু তেওঁৰ যাত্ৰী হিচাপে যোৱা এগৰাকী যুৱতী।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ৰেপিড’ চালক ৰঞ্জিত ৰাজবংশীৰ পৰিচয় জানিব পৰা গৈছিল যদিও যাত্ৰী গৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাছিল।

কিন্তু সোমবাৰে পুৱা যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ হয়।

জানিব পৰা মতে, নিহত যুৱতীগৰাকীৰ নাম প্ৰিয়া সোণাৰ। পেছাত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা। তেওঁৰ বয়স ২৫ বছৰ।

প্ৰিয়া সোণাৰৰ ঘৰ লামডিঙত বুলি জানিব পৰা গৈছে। ইতিমধ্যে পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহ চিনাক্ত কৰিছে।

প্ৰিয়া আৰু ৰঞ্জিত, দুয়োৰে ঘৰত এতিয়া কেৱল শোকৰ বন্যা। অকালত নিজৰ সন্তানক হেৰুৱাই ভাগি পৰিছে তেওঁলোকৰ পৰিয়াল।

ইফালে তীব্ৰ বেগী বাহনখন চিনাক্ত কৰি দোষীৰ উচিত শাস্তিৰ দাবী কৰিছে দুয়োৰে পৰিয়াল আৰু স্থানীয় লোকে।

Related News