• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড’নাল্ড ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ দিলে পানামাৰ ৰাষ্ট্ৰপতি জোচে ৰাউল মুলিন’ই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2024 12:43 pm
390
VIEWS
Share on FacebookShare on Twitter

পানামা খাল (কেনেল)পুনৰ নিয়ন্ত্ৰণ কৰাৰ বাবে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাবুকি নাকচ কৰিছে পানামাৰ ৰাষ্ট্ৰপতি জোচে ৰাউল মুলিন’ই।

যোৱা শনিবাৰে ট্ৰাম্পে আমেৰিকাৰ জাহাজৰ প্ৰতি “অন্যায়” ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি পানামা খালৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ পুনৰ লোৱাৰ ভাবুকি দিছিল। ট্ৰাম্পে কয় যে ‘যদি পানামাই খালটোৰ নিৰাপদ, কাৰ্যক্ষম আৰু নিৰ্ভৰযোগ্য পৰিচালনা নিশ্চিত কৰিব নোৱাৰে তেন্তে আমি দাবী কৰিম যে পানামা খালটো সম্পূৰ্ণৰূপে আৰু প্ৰশ্ন নকৰাকৈ আমাক ঘূৰাই দিয়া হওক।‘

দেওবাৰে ট্ৰাম্পৰ ভাবুকি নাকচ কৰি পানামাৰ ৰাষ্ট্ৰপতি জোচে ৰাউল মুলিনোৱে ছ’চিয়েল মিডিয়া এক্স (পূৰ্বৰ টুইটাৰ)ত এটা ভিডিঅ’ পোষ্ট কৰে। ভিডিঅ’টোত জোচে ৰাউল মুলিনোৱে কয় যে, “পানামা খাল আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ প্ৰতিটো বৰ্গমিটাৰ পানামাৰ আৰু ই পানামাৰ মালিকানাধীন হৈ থাকিব।” মুলিনোৱে অৱশ্যে তেওঁৰ এই মুকলি মন্তব্যত ট্ৰাম্পৰ নাম উল্লেখ কৰা নাই।

শনিবাৰে নিজৰ মালিকানাধীন ছ’চিয়েল মিডিয়া চাইট ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে কয় যে ‘আমেৰিকাৰ জাহাজ আৰু বাণিজ্যৰ সৈতে অতি অনৈতিক আৰু অন্যায় ব্যৱহাৰ কৰা হৈছে। এই জলপথৰ ব্যৱহাৰৰ বাবে পানামাই যি মাচুল লৈছে সেয়া হাস্যকৰ।‘ পানামা খালক কেন্দ্ৰ কৰি চীনৰ ক্ৰমবৰ্দ্ধমান প্ৰভাৱৰ সম্পৰ্কতো অভিযোগ তুলিছে ট্ৰাম্পে। আমেৰিকাই ইয়াক নিজৰ স্বাৰ্থৰ বাবে এক উদ্বেগজনক প্ৰৱণতা হিচাপে লৈছে।

পানামা খালৰ ওপৰত আমেৰিকাৰ বাণিজ্যিক নিৰ্ভৰশীলতা আছে। আমেৰিকাই এই জলপথ ব্যৱহাৰ কৰি জাহাজেৰে সামগ্ৰী পৰিবহণ কৰে। ট্ৰাম্পে কয় যে পানামা খাল কেৱল পানামাৰ ব্যৱস্থাপনাৰ বাবেহে, চীন বা আন কাৰোবাৰ বাবে নহয়। তেওঁলোকে কেতিয়াও এইটো ভুল হাতত পৰিবলৈ নিদিয়ে।

লেটিন আমেৰিকাৰ দেশ পানামা আমেৰিকাৰ মিত্ৰ দেশ। পানামা খাল খননত আমেৰিকাৰ মুখ্য ভূমিকা আছিল। আমেৰিকাই প্ৰথমে খালটো খনন কৰিছিল আৰু দশক দশক ধৰি ইয়াৰ আশে-পাশে থকা অঞ্চলৰ প্ৰশাসন নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰ পিছত কিছুদিন পানামাৰ সৈতে যৌথভাৱে এই খালটো পৰিচালনা কৰে। ১৯৯৯ চনত আমেৰিকা চৰকাৰে খালটোৰ নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে এৰি দিয়ে। পানামাই খালটোৰ পৰিচালনাৰ দায়িত্ব লয়।

পানামা খালে আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰে। খালটোৰ দৈৰ্ঘ্য ৮২ কিলোমিটাৰ। ই পৃথিৱীৰ দুটা গুৰুত্বপূৰ্ণ জাহাজ চলাচলকাৰী কৃত্ৰিম খালৰ ভিতৰত অন্যতম। আনটো হ’ল ছুৱেজ খাল। পানামা খাল অবিহনে আমেৰিকাৰ পূব উপকূলৰ পৰা পশ্চিম উপকূললৈ যোৱা যিকোনো জাহাজে দক্ষিণ আমেৰিকাৰ কেপ হৰ্ণ হৈ অতিৰিক্ত ১৫,০০০ কিলোমিটাৰ যাত্ৰা কৰিব লাগিছিল।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd