ভূ-লুণ্ঠিত মানৱতা! ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে

দিনটো আছিল ৩মে’। দুধনৈত অনুষ্ঠিত হৈ আছিল ৰংজালী বৈশাগু উৎসৱ।সেইদিনা নিশা হিৰণ্ময় খাকলাৰী ভগ্নীৰ আৰু আনএগৰাকী কিশোৰীৰ সৈতে বিহু চাবলৈ গৈছিল।

বৈশাগু উৎসৱ চাই নিশা উভতি আহোতে ধন তালুকদাৰ নামৰ এটা পাষণ্ডই লগত আৰু কেইজনমানক লৈ এই দুই কিশোৰীক ধৰ্ষণ কৰে। টঙাবাৰী নামৰ গাওঁখনৰ এটা ইটাভাটাত এই কুকৰ্ম সংঘটিত কৰি দুই কিশোৰীক পথত পেলাই থৈ যায় ।

কিন্তু এই ধৰ্ষণৰ খবৰে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰাত ব্যৰ্থ হ’ল। বাতৰিৰ সন্ধানত থকা বহুজনৰ বাবে এনে এটা জঘন্য ঘটনা সাধাৰণ খবৰ হৈয়ে ৰৈ গ’ল। দৰিদ্ৰ এই কিশোৰী দুগৰাকীক এনে দশা কৰা অপৰাধীৰ বিৰুদ্ধে শাস্তিৰ দাবী কৰিবলৈ আহৰি নাপালে সদাসষ্টম দল-সংগঠনসমূহে।

ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ পাছত দুধনৈত থানাত কিশোৰী দুগৰাকীৰ পৰিয়ালে এটা গোচৰ ৰুজু কৰে। দুধনৈ থানাত ৰুজু কৰা গোচৰ নম্বৰ আছিল ৩৫/২৪। এই বলাৎকাৰ কাণ্ডত অভিযুক্ত আছিল ৩ লম্পট ক্ৰমে ধন তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলী।

ইতিপূৰ্বে কুখ্যাত অপৰাধী বুলি নাম থকা ধন তালুকদাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা লোৱা নাছিল।যাৰ ফলত স্থানীয় লোকসকল উত্তেজিত হৈ পৰিছিল। চুবুৰীটোৰ কিছুলোক লগ হৈ ধন তালুকদাৰৰ ঘৰলৈ ঘটনা সন্দৰ্ভত জবাবদিহি কৰিবলৈ গৈছিল। তাৰ পৰাই আৰম্ভ হ’ল আন এক কাহিনী।

হিৰণ্ময় খাকলাৰীৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে ১৭মে’ত দুধনৈৰ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে, গাঁওৰক্ষী বাহিনীৰ কিছু লোকৰ সৈতে হিৰণ্ময় খাকলাৰী ধন তালুকদাৰৰ ঘৰলৈ যাওতে ধনৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰে। এই আক্ৰমণকাৰী সকলৰ ভিতৰত আছিল ধন তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ শেখৰ আলী, সহযোগী বাহাৰ আলী আৰু ৰহমান আলী। দাঁ-লাঠীৰে ধনৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰাৰ সময়ত ধনৰ ভনীয়েক চোনিয়া বেগম ওৰফে পাৰমিনাই এখন চুৰিৰে হিৰণ্ময়ক পিছফালৰ পৰা আঘাত হানে।

ভগ্নীৰ হৈ ন্যায় বিচাৰিবলৈ গৈ অপৰাধীৰ ভগ্নীৰ হাতত ধৰাশায়ী হোৱা হিৰণ্ময় মৃত্যুৰ সৈতে যুঁজি ১১দিনৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে। দুধনৈ আৰক্ষীয়ে এই দুই ঘটনাৰ সন্দৰ্ভত আটাইকেইটা অপৰাধীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।কিন্তু ঘটনা সন্দৰ্ভত অসমৰ জাতীয় দল সংগঠনৰ কৌশলগত মৌনতাই সচেতন সমাজক বাৰুকৈয়ে স্পৰ্শ কৰিছে৷