ৰাসলৈ আৰু মাত্ৰ কেইদিন; শৰতৰ ৰাতি বিতোপন কৰি তুলিবলৈ ব্যস্ত এতিয়া গাঁৱৰ যুৱতী-বোৱাৰী

Rash fest

ফটো: নৰ্থইষ্ট নাও।

শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে কলিয়াবৰ।

কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ লগতে মাধগাঁওৰ যুৱতী-বোৱাৰীৰ পৰা কণ কণ শিশুলৈকে ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত।

মাজুলীৰ লগতে সমানে সামনে আখৰাত ব্যস্ত এতিয়া কলিয়াবৰবাসীও।

শৰতৰ ৰাতি বিতোপন কৰি তুলিবলৈ ব্যস্ত হৈ পৰিছে এতিয়া গাঁৱৰ যুৱতী-বোৱাৰী।

শ্ৰীকৃষ্ণৰ চৈতন্য প্ৰেমৰ স্বপ্নময় কথাবস্তুৰে ৰঞ্জিত ‘কেলিগোপাল’ সম্পূৰ্ণ সত্ৰীয়া/ শংকৰী পৰম্পৰাৰে মঞ্চায়ন কৰি কলিয়াবৰৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰি আহিছে ‘ শ্ৰীকৃষ্ণৰ ৰাস লীলা।

কল্পনাৰ ঐশ্বৰ্যময়  সমাবেশ ঘটা ‘কেলিগোপাল’ নাটকৰে ‘শৰৎকালৰ বিতোপন চন্দ্ৰাৱলী নিশা কলিয়াবৰৰ আকাশ-বতাহ মুখৰিত হ’ব শ্ৰীকৃষ্ণ প্ৰেমৰ শাশ্বত মধুৰ স্বৰেৰে।

কৃষ্ণ বন্দনাৰ অনুৰণন এতিয়া সমগ্ৰ ৰাজ্যত। ৰাস পূৰ্ণিমাত কৃষ্ণ বন্দনাৰে মুখৰিত কৰিবলৈ গোপীসকল ব্যস্ত হৈ পৰিছে ৰাসক্ৰীড়াৰ আখৰাত।