দুগুণলৈ বৃদ্ধি পাইছে হিমালয়ৰ ৬৭৬ টা হ্ৰদৰ আয়তন, জলবায়ুৰ সংকটক লৈ চিন্তিত হৈ পৰিছে পৰিৱেশকৰ্মী

জলবায়ু পৰিৱৰ্তনক লৈ গৱেষক আৰু বিজ্ঞানীসকলে বহুবাৰ সতৰ্ক কৰি দিছে। তথাপিও যেন গা লৰা নাই কাৰোৰে।

ইছৰ’ই প্ৰকাশ কৰা তথ্য অনুসৰি হিমালয়ৰ পাহাৰবোৰৰ ৮৭ শতাংশ হিমবাহৰ হ্ৰদেৰে আবৃত। বিগত কেইবছৰমানৰ পৰা কিছুমান হ্ৰদৰ আকাৰ দুগুণ বৃদ্ধি পোৱাৰ বিপৰীতে আন কিছুমান হ্ৰদৰ আকাৰ ডেৰগুণ বৃদ্ধি পাইছে। প্ৰতিবেদন অনুসৰি মুঠ ৬৭৬টা হ্ৰদৰ আয়তন বৃদ্ধি পাইছে।

ইছৰোৰ তথ্য অনুসৰি সেই ৬৭৬টা হ্ৰদৰ ভিতৰত ১৩০টা হ্ৰদ ভাৰতত অৱস্থিত। ইয়াৰে ৬৫টা হ্ৰদ সিন্ধু অৱবাহিকাত, ৭টা গংগা অৱবাহিকাত আৰু ৫৮টা হ্ৰদ ব্ৰহ্মপুত্ৰ অৱবাহিকাত অৱস্থিত।

ইছৰোৱে এই হ্ৰদসমূহৰ ভৌগোলিক অৱস্থানক লৈও উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকৰ প্ৰতিবেদন অনুসৰি বিপজ্জনকভাৱে বৃদ্ধি পোৱা ৩১৪টা হ্ৰদ সমুদ্ৰপৃষ্ঠৰ পৰা ৪০০০-৫০০০ মিটাৰ উচ্চতাত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা ৫০০০ মিটাৰতকৈও অধিক উচ্চতাত ২৯৬টা হ্ৰদ অৱস্থিত।

উদাহৰণস্বৰূপে হিমাচল প্ৰদেশৰ ঘেপাং ঘাট হিমবাহৰ হ্ৰদ সমুদ্ৰপৃষ্ঠৰ পৰা ৪০৬৮ মিটাৰ উচ্চতাত অৱস্থিত। ১৯৮৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত এই হ্ৰদটোৰ পৰিসৰ ১৭৮ শতাংশ বৃদ্ধি পাইছে। পূৰ্বে এই হ্ৰদটো ৩৬ হেক্টৰ এলেকাত বিস্তৃত আছিল, এতিয়া ই ১০১ হেক্টৰ এলেকাত বিস্তৃত হৈছে।

জানিব পৰা মতে, যোৱা কেইটামান দশকত মহাকাশৰ পৰা কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা সংগ্ৰহ কৰা ছবি আৰু তথ্যৰ ভিত্তিত ইছৰোৱে হিমালয় অঞ্চলৰ বিপদজনক পৰিস্থিতিৰ ওপৰত এই প্ৰতিবেদন প্ৰকাশ কৰিছে।