NORTHEAST NOW (Assamese)

পৰকীয়া প্ৰেম : স্বামীক হত্যা কৰি শৰীৰটো কাটি ১৫ টুকুৰা কৰি প্ৰেমিকৰ সৈতে মানালী ভ্ৰমণলৈ গ’ল পত্নী

March 20, 2025 8:53 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 20, 2025 8:54 am

উত্তৰ প্ৰদেশৰ মীৰাটত সংঘটিত হৈছে এক নিৰ্মম হত্যাকাণ্ড। শেহতীয়াকৈ মাৰ্চেণ্ট নেভিৰ এগৰাকী বিষয়াৰ শৰীৰৰ ১৫ টা টুকুৰা উদ্ধাৰ কৰিছে। চিমেণ্টেৰে ঢাকি থোৱা এটা ড্ৰামৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে শৰীৰৰ অংগসমূহ।

আৰক্ষীয়ে জনোৱা মতে, ২০১৬ চনত সৌৰভ ৰাজপুত নামৰ মাৰ্চেন্ট নেভিৰ বিষয়াগৰাকীৰ লগত বিবাশপাশত আৱদ্ধ হৈছিল মুস্কান ৰাষ্টোগী নামৰ মহিলাগৰাকীৰ। প্ৰেমত পৰিয়েই বিয়াত বহিছিল দুয়ো।

বিয়াৰ পিছত মাৰ্চেণ্ট নেভিৰ চাকৰি এৰি পত্নীৰ লগত সময় কটাবলৈ মাৰ্চেন্ট নেভিৰ চাকৰিৰ পৰা অব্যাহতি লয় সৌৰভ ৰাজপুতে।

পাৰিবাৰিক অস্থিৰতাৰ বাবে সৌৰভে ঘৰ এৰি মুস্কানৰ সৈতে ভাড়াঘৰত থাকিবলৈ আৰম্ভ কৰিলে। ২০১৯ চনত মুস্কানে জন্ম দিলে এটি কন্যা সন্তান। কিন্তু সেই সুখৰ মুহূৰ্তটো বেছি দিন নাথাকিল।

কিছুদিন পিছত সৌৰভে গম পালে যে মুস্কানৰ বন্ধু চাহিলৰ লগত বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক আছে। সেই সম্পৰ্কক লৈ দুয়োৰে মাজত অশান্তি চৰম স্তৰত উপনীত হল। সৌৰভে বিবাহ বিচ্ছেদৰ কথা ভাবিছিল যদিও সন্তানৰ কথা ভাবি তেওঁ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত নললে।

২০২৩ চনত তেওঁ পুনৰ নৌসেনাৰ চাকৰিত যোগদান কৰে আৰু চাকৰি সূত্ৰে বিদেশলৈ যায়। যোৱা ২৪ ফেব্ৰুৱাৰীত কন্যাৰ জন্মদিন উপলক্ষ্যে ঘৰলৈ উভতি আহিছিল সৌৰভ।

ইফালে সৌৰভৰ অনুপস্থিতিত গভীৰ প্ৰেম চলি আছিল চাহিল আৰু মুস্কানৰ। সেয়ে দুয়োৱে প্ৰেমৰ বাধা আঁতৰাবলৈ সৌৰভক হত্যা কৰাৰ পৰিকল্পনা কৰে।

৪ মাৰ্চত চাহিল আৰু মুস্কানে সৌৰভৰ খাদ্যৰ লগত টোপনিৰ বড়ি মিহলাই দিয়ে। তাৰপিছত অচেতন হৈ পৰে সৌৰভ। অচেতন অৱস্থাত সৌৰভক হত্যা কৰি শৰীৰটো কাটি ১৫ টা টুকুৰা কৰি এটা ড্ৰামত ভৰাই চিমেন্টেৰ গাঁথনিৰে ঢাকি দিয়ে।

কিছুদিন পিছত ওচৰ-চুবুৰীয়াই সৌৰভৰ কথা সোধাত মুস্কানে ক’লে যে সৌৰভ মানালীলৈ ফুৰিবলৈ গৈছে।

এই হত্যাকাণ্ডটো ঢাকিবলৈ চাহিল আৰু মুস্কানে সৌৰভৰ ফোনটো লৈ মানালীলৈ যায়। তালৈ গৈ সৌৰভৰ ফোনৰ পৰা ছবি শ্বেয়াৰ কৰে।

কিন্তু দীৰ্ঘদিন ধৰি সৌৰভক ফোনত নাপায় সৌৰভৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰে। তেতিয়াই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

ইয়াৰ পিছত মুস্কান আৰু চাহিলক জেৰা কৰে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত দুয়োৱে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।

হত্যাকাণ্ডৰ ১৪ দিন পিছতে ঢোলৰ পৰা উদ্ধাৰ হয় মৃতদেহৰ অংগ। এই ঘটনাই এতিয়া কঁপাই তুলিছে সমগ্ৰ উত্তৰ প্ৰদেশ ৰাজ্যখন। আৰক্ষীয়ে দুই অভিযুক্ত চাহিল আৰু মুস্কানক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

Related News