• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাঞ্জাব সীমান্তত এবছৰ ধৰি প্ৰতিবাদ কৰি থকা কৃষকক ছত্ৰভংগ আৰক্ষীৰ! গ্ৰেপ্তাৰ বহু অন্নদাতা…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2025 8:16 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় এবছৰ ধৰি পাঞ্জাব-হাৰিয়ানাৰ শম্ভু আৰু খানৌৰী সীমান্তত থকা কৃষকক আৰক্ষীয়ে গতাই দিছে। কেন্দ্ৰীয় প্ৰতিনিধি দলৰ সৈতে বৈঠকত মিলিত হৈ উভতি অহাৰ সময়ত বুধবাৰে পাঞ্জাব আৰক্ষীয়ে আটক কৰে কৃষক নেতা জগজিৎ সিং দলেৱাল আৰু তেওঁৰ সংগীসকলক। ইয়াৰ পাছতে আৰক্ষীয়ে নিশাৰ ভাগত কৃষকসকলক নিজৰ স্থানৰ পৰা আঁতৰাই নিবলৈ আৰম্ভ কৰে।

বুধবাৰে পাঞ্জাবৰ কৃষক নেতাসকলে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নেতৃত্বত কেন্দ্ৰীয় প্ৰতিনিধি দলৰ সৈতে সাক্ষাৎ কৰে। কৃষক নেতা গুৰমণিত সিং মংগটে দাবী কৰে যে তেওঁলোকে সেই বৈঠকৰ পৰাই শম্ভু সীমান্তৰ স্থানৰ দিশে গৈ আছিল। তাৰ পাছত পাঞ্জাব আৰক্ষীয়ে মোহালীৰ সমীপত দলেৱালকে ধৰি কেইবাজনো কৃষক নেতাক গ্ৰেপ্তাৰ কৰে। কিয় তেওঁলোকক আটক কৰা হৈছিল সেয়া স্পষ্ট হোৱা নাই। অৱশ্যে পাঞ্জাবৰ বিত্তমন্ত্ৰী হৰপাল সিং চিমাই ব্যাখ্যা কৰে যে প্ৰতিবাদকাৰী কৃষকসকলক তেওঁলোকৰ স্থানৰ পৰা আঁতৰাই দিয়া হৈছে। সেই দুখন সীমান্তৰ ঘাইপথ ৰাজ্যৰখনৰ বাবে গুৰুত্বপূৰ্ণ বুলিও তেওঁ কয়। পাঞ্জাবৰ আম আদমি পাৰ্টি চৰকাৰৰ বিত্তমন্ত্ৰীয়ে দাবী কৰিছে যে আন্দোলনৰ বাবে দুটা ঘাইপথ দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে। ইয়াৰ ফলত ব্যৱসায় আৰু উদ্যোগৰ ক্ষতি হৈছে।

Apply Now

অৱশ্যে পাঞ্জাব আৰক্ষীৰ এই কাৰ্যক গৰিহণা দিছে বিজেপি শিবিৰে। পাঞ্জাবৰ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰবিনীত সিং বিট্টুৱে অভিযোগ উত্থাপন কৰিছে যে পঞ্জাৱৰ আপ চৰকাৰে কেন্দ্ৰ আৰু আন্দোলনকাৰী কৃষকৰ মাজত হোৱা আলোচনাত ব্যাঘাত জন্মাবলৈ চেষ্টা চলাইছে। সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি বুধবাৰে পুৱাৰে পৰা পাঞ্জাব-হাৰিয়ানা সীমান্তত আৰক্ষীৰ প্ৰস্তুতিৰ পৰিপ্ৰেক্ষিতত এনে কিছু পদক্ষেপৰ আশা কৰা হৈছে। প্ৰতিবাদকাৰী কৃষকসকলে কয় যে দুয়ো সীমান্তৰ স্থানৰ ওচৰতে আৰক্ষীয়ে এম্বুলেন্স, বাছ, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী, সংঘৰ্ষ নিয়ন্ত্ৰণ বাহন সাজু কৰি ৰাখিছে।

শস্যৰ ন্যূনতম সহায়ক মূল্য (MSP), পামৰ ঋণ ৰেহাই, পেঞ্চনৰ ব্যৱস্থা, বিদ্যুতৰ বিল বৃদ্ধি নকৰা আদি কেইবাটাও দাবীৰে কৃষকসকলে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিগত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা দিল্লীৰ লাগি থকা পাঞ্জাবৰ আৰু হাৰিয়ানাৰ শম্ভু আৰু খানৌৰী সীমান্তত কৃষকসকলে স্থান দখল কৰি আহিছিল। কেতিয়াবা দল্লেৱালে বহুদিন অনশন কৰে। উচ্চতম ন্যায়ালয়েও অনশনৰ সময়ত তেওঁৰ শাৰীৰিক অৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰে।

পাছত আদালতৰ হস্তক্ষেপত কৃষক নেতাসকলে কেন্দ্ৰীয় প্ৰতিনিধি দলৰ সৈতে আলোচনা আৰম্ভ কৰে। ইতিমধ্যে কেইবালানিৰ আলোচনা হৈছে। ইফালে বুধবাৰে পাঞ্জাব আৰক্ষীয়ে দলেৱালকে ধৰি কেইবাজনো কৃষক নেতাক গ্ৰেপ্তাৰ কৰে। সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি শম্ভু সীমান্তৰ প্ৰতিবাদস্থলীত আৰক্ষীয়ে বুলডজাৰ ব্যৱহাৰ কৰি কৃষকৰ তম্বু ভাঙিছে। আৰক্ষী জোৱানেও অস্থায়ী মঞ্চৰ চালি আৰু ফেন আঁতৰাবলৈ আৰম্ভ কৰিছে। পাটিয়ালাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নানক সিঙে কয় যে সমগ্ৰ ঘাইপথ মুকলি কৰি যান-বাহন চলাচল কৰিবলৈ দিয়া হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd