NORTHEAST NOW (Assamese)

‘ভাৰত জোড়ো যাত্ৰা’ত অংশলৈ আনন্দিত ভাৰত ত্যাগ আন্দোলনত আটক হোৱা ৯৩ বছৰীয়া লীলাবাই

November 18, 2022 5:27 pm · এন ই নাও নিউজ, গুৱাহাটী

লীলাবাই চিতালে ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল। তেতিয়া তেওঁ এজনী বাৰ বছৰীয়া ছোৱালী আছিল। কিন্তু লীলাবাই এতিয়া এগৰাকী বৃদ্ধা। আশী বছৰৰ পিছত, ৯৩ বছৰ বয়সত তেওঁ পুনৰ কংগ্ৰেছে আয়োজন কৰা পদযাত্ৰাত যোগদান কৰে। কংগ্ৰেছে সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো যাত্ৰা’ আৰম্ভ কৰিছে। বৃহস্পতিবাৰে লীলাবাইয়ে এই যাত্ৰাত যোগদান কৰিছিল।

জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে লীলাবাইৰ শোভাযাত্ৰাত খোজ কাঢ়ি থকা এটা ভিডিঅ’ টুইটাৰত পোষ্ট কৰিছে। তেওঁ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ আকোলা জিলাৰ বালাপুৰ তহচিলৰ ভাদেগাওঁত চমু যাত্ৰাত অংশ লৈছিল।

টুইটাৰত জয়ৰামে লিখিছে, “লীলাবাইয়ে বিচাৰে যে এই যাত্ৰাৰ মূল বাৰ্তাটো হোৱা উচিত সংবিধানৰ সংৰক্ষণ।”

জয়ৰাম ৰমেশৰ পোষ্ট কৰা ভিডিঅ’টোত লীলাবাইক কোৱা শুনা গৈছে, “১৯৪২ চনৰ ৯ আগষ্টত মই ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিলো। মোৰ বয়স তেতিয়া বাৰ বছৰ আছিল। মহাত্মা গান্ধীয়ে ‘ডু অৰ ডাই’ শ্লোগান দিছিল। মই আৰু মোৰ দুজন বন্ধু ব্ৰিটিছৰ বিৰুদ্ধে শ্ল’গান দি এখন মহাবিদ্যালয়ৰ ওচৰত ধৰা পৰিছিলো। আমি সৰু আছিলোঁ বাবে সেইদিনা সন্ধিয়া আৰক্ষীয়ে আমাক মুকলি কৰি দিছিল। কিন্তু মোৰ দেউতা আৰু ভাতৃ চাৰে তিনি বছৰ কাৰাগাৰত আছিল। আমাৰ দেশখনে এতিয়া কোৱাৰ দৰে স্বাধীনতা পোৱা নাছিল।‘’

তেওঁ উল্লেখ কৰে যে তেওঁ ‘ভাৰত জোড়ো যাত্ৰা’ত যোগদান কৰি আনন্দিত হৈছে। তেওঁ লগতে কয় যে সমাজ আৰু ধৰ্ম নিৰ্বিশেষে জীৱনৰ সকলো ক্ষেত্ৰৰ মানুহে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। তেওঁ কয় যে ‘ভাৰত জোড়ো যাত্ৰা’ৰ অংশগ্ৰহণকাৰীসকলে সংবিধান ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে।

উল্লেখ্য যে ৰাহুল গান্ধীৰ যাত্ৰা ৭ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল। ১২ খন ৰাজ্য ভ্ৰমণ কৰাৰ পিছত এই যাত্ৰা শ্ৰীনগৰত সমাপ্ত হ’ব। যাত্ৰা ১৫০ দিন ধৰি চলিব। ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো যাত্ৰা’ এতিয়া তামিলনাডু, কেৰালা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু তেলেংগানা ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত মহাৰাষ্ট্ৰত পাইছে।

Related News