প্ৰেমৰ কাৰণে তালিবানী শাস্তি : কাপোৰ খুলি গছত বান্ধি প্ৰহাৰ দুয়োকে

সামাজিক মাধ্যমত এই ভিডিঅ’ বিয়পি পৰাৰ পিছতেই আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মহিলাগৰাকী আৰু যুৱকজনক উদ্ধাৰ কৰি ক্ষ্ৰীপতাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত মুঠ ১২ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে।

পশ্চিমবংগত সংঘটিত হৈছে মৰেল পুলিচিঙৰ এক বৰ্বৰ কাণ্ড। তালিবানৰ নীতিৰে দুই প্ৰেমিক প্ৰেমিকাক শাস্তি বিহিলে ৰাইজে। সামাজিক মাধ্যমত বিয়পি পৰিছে মাৰপিটৰ ভয়ানক ভিডিঅ’।

ঘটনা অনুসৰি কলিকতাৰ দক্ষিণ চৌবিশ পৰগণাৰ কুলপি নামৰ ঠাইত এগৰাকী বিবাহিত মহিলাই এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ বাবে সেই যুৱক জন আৰু মহিলা গৰাকীৰ ওপৰত নিৰ্মমভাবে অত্যাচাৰ চলাইছে মহিলাগৰাকীৰ স্বামীৰ মাতৃ আৰু স্থানীয় ৰাইজে।

জানিব পৰা মতে সেই মহিলাগৰাকীৰ স্বামী বহিঃৰাজ্যত কৰ্মৰত। মহিলাগৰাকীৰ স্বামীৰ মাতৃয়ে দাবী কৰাৰ মতে সেই বিশেষ যুৱকজনৰ সৈতে কথাবতৰা পাতে মহিলাগৰাকীয়ে। তেওঁ দাবী কৰা মতে নিজৰ বোৱাৰীয়েকক সেই যুৱকজনৰ সৈতে অপ্ৰীতিকৰ অৱস্থাত ধৰা পেলাইছে তেওঁ।

এই কথাক কেন্দ্ৰ কৰিয়েই মহিলাগৰাকীৰ স্বামীৰ মাতৃ আৰু স্থানীয় ৰাইজে দুয়োৰে কাপোৰ কানি খুলি এজোপা গছত বান্ধি খুবেই নিৰ্মমভাবে ৰাজহুৱাকৈ প্ৰহাৰ কৰে। পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে আত্যাচাৰৰ সমগ্ৰ দৃশ্য।

সামাজিক মাধ্যমত এই ভিডিঅ’ বিয়পি পৰাৰ পিছতেই আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মহিলাগৰাকী আৰু যুৱকজনক উদ্ধাৰ কৰি ক্ষ্ৰীপতাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰে। জানিব পৰা মতে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত মুঠ ১২ জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে।

সুন্দৰবন আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষক ভাস্কৰ মুখাৰ্জীয়ে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। এই ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শনিবাৰে নিশালৈকে মুঠ ১২ জন লোকক কুলপি থানাই গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত আন কেইবাজনো লোকক বিচাৰিছে।