ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আজি দশম মৃত্যু বাৰ্ষিকীত বিশ্বই সুঁৱৰিছে ‘যাযাবৰ’ শিল্পীগৰাকীক

bhupen-hazarika-ap-750x375

‘মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম’ বুলি গোৱা দৰদী শিল্পীগৰাকীৰ সেই  কথা আৰু সুৰটোৱে আজিও প্ৰতিজন অসমীয়াৰ অন্তৰ চুই যায়। আজীৱন ‘যাযাবৰ’ শিল্পীগৰাকীয়ে গোটেই জীৱন কেবল জীৱনমুখী গানেই গাই থৈ গ’ল।

আজি ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকীত সমগ্ৰ বিশ্বই সুঁৱৰিছে এই মহান শিল্পীগৰাকীক।

২০১১চনৰ ৫নৱেম্বৰৰ আজিৰ দিনটোতে গণশিল্পী গৰাকীয়ে তেওঁৰ গুণমুগ্ধ সকলোকে কন্দুৱাই পৃথিৱীৰ পৰা বিদায় মাগিছিল।     

বিভিন্ন কালজয়ী গীতৰ সৃষ্টিকৰ্তা ভূপেন হাজৰিকা অসম তথা সমগ্ৰ ভাৰতৰে এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে আছিল অনন্য।

উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আছিল এজন বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী।

Also Read: WHO Warns: কোভিড-১৯ৰ ফলত আৰু পাঁচ লক্ষাধিক লোকৰ মৃত্যু হ’ব পাৰে ইউৰোপত; সতৰ্ক কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

ড০ ভূপেন হাজৰিকাৰ সাহিত্যৰাজি অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। অতুলনীয় গদ্যশৈলী তথা আবেদনশীল প্ৰকাশভংগীৰে তেওঁ লিখি যোৱা বহু লিখনিয়ে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰি তোলে।  

১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত জন্ম গ্ৰহণ কৰা বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন ভূপেন হাজৰিকাই ১১ বছৰ বয়সত ১৯৩৭ চনত প্ৰথমটো গীত ৰচনা কৰিছিল।

অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও সুধাকণ্ঠ ভূপেন হাৰজিৰকাই চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। অসমক সমগ্ৰ বিশ্বৰ সন্মুখত গৌৰৱান্বিত কৰি থৈ গৈছিল মহান শিল্পীগৰাকীয়ে।

Also Read: T-20 World Cup: শ্ৰীলংকাৰ দুৰ্দান্ত প্ৰদৰ্শন; ছুপাৰ-১২ত ৱেষ্ট ইণ্ডিজক হৰুৱালে ২০ ৰাণত

আজি সমগ্ৰ অসমৰ লগতে মায়ানগৰী মুম্বাই, কলকাতা তথা বিদেশতো সুধাকণ্ঠ ভূপেন হাজৰিকাক আজিৰ দিনটোত স্মৰণ কৰিছে তেওঁৰ অসংখ্য অনুৰাগীয়ে।

আমিও ‘নৰ্থইষ্ট নাও’ৰ পৰিয়ালৰ তৰফৰ পৰা অসমৰ জাতীয় জীৱনৰ চিৰনমস্য যুগনায়কগৰাকীলৈ তেওঁৰ দশম মৃত্যু বাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণিপাত জনাইছো।