NORTHEAST NOW (Assamese)

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

March 4, 2021 4:56 pm · এন ই নাও নিউজ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা সংস্থা তথা এটা প্ৰখ্যাত মানৱ অধিকাৰবাদী সংস্থা ‘ফ্ৰীডম হাউচ’ৰ শেহতীয়া ৰিপ’ৰ্টত ভাৰতৰ হতাশজনক ছৱি ফুটি উঠিছে।

‘ফ্ৰীডম হাউচে’ বুধবাৰে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ব্যৱস্থাটো একনায়ত্ববাদ তথা অথ’ৰেটেৰিয়ান হৈ পৰিছে।

মানৱ অধিকাৰৰ ক্ষেত্ৰত সংস্থাটোৱে বৰ্তমান ভাৰতক এখন ‘পাৰ্টলী ফ্ৰী’ অৰ্থাৎ ‘অৰ্ধভাৱে মুক্ত’ হিচাপে গণ্য কৰিছে।

বিজেপি চৰকাৰে ২০১৪ চনত শাসনলৈ অহাৰ পাছৰে পৰা সংখ্যালঘু মুছলিমক নিপীড়ণ, সাংবাদিকৰ ওপৰত দমননীতি আৰু ন্যায়পালিকাক হস্তক্ষেপ কৰাৰ বিষয়টো সংস্থাটোৱে দৃষ্টিগোচৰ কৰিছে।

‘‘মোদীৰ শাসনত, গোলকীয় গণতান্ত্ৰিক নেতৃত্ব বহন কৰাৰ সম্ভাৱনাক ভাৰতে পৰিত্যাগ কৰা দেখা গৈছে, ভাৰতীয় গণতন্ত্ৰৰ সকলোকে সামৰি লোৱাৰ মূল সত্বা আৰু সকলোৰে বাবে সমান অধিকাৰ পৰিত্যাগ কৰি সংকীৰ্ণ হিন্দু জাতীয়তাবাদী স্বাৰ্থক গুৰুত্ব দিয়া দেখা গৈছে।’’ সংস্থাটোৱে কয়।

প্ৰধানমন্ত্ৰীৰ মোদীৰ আদেশত হঠাৎ পালন হোৱা দেশজুৰি কভিড-১৯ লকডাউনৰ সময়ত শ্ৰমিকসকলৰ দুৰৱস্থা সম্পৰ্কেও সংস্থাটোৱে আঙুলিয়াই দেখুৱায়।

ভাৰতৰ উপৰিও সংস্থাটোৱে হংকঙৰ ওপৰত চীনৰ শেহতীয়া নীতিকো সমালোচনা কৰিছে।

তদুপৰি বেলাৰুছ আৰু ইথিয়’পিয়াত দেখা দিয়া ৰাজনৈতিক সংকটকো সমালোচনাক কৰি দেশকেইখনৰ শাসনাধিস্থ চৰকাৰসমূহে মানৱ অধিকাৰ লংঘন কৰা বুলি সংস্থাটোৱে কৈছে।

আনহাতে হোৱাইট হাইচৰ পৰা ডণাল্ড ট্ৰাম্পৰ বিতাড়ণৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰক মানৱ অধিকাৰৰ ক্ষেত্ৰত ‘ফ্ৰী’ হিচাপে গণ্য কৰা হৈছে যদিও সংস্থাটোৱে সকীয়াই দিয়ে যে যুক্তৰাষ্ট্ৰৰ গণতন্ত্ৰ সংকটজনক অৱস্থাত আছে।

Related News