• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা

আসন বুজা-বুজিত ঐক্যমতত উপনীত হ’ব পৰা নাই অজাপ-ৰাইজৰ দল

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 4, 2021 4:22 pm

3 min read

raijor Dol
574
VIEWS
Share on FacebookShare on Twitter

২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাথো ২৩ দিন। অহা ৯ মাৰ্চত মনোনয়ন দাখিলৰ অন্তিম দিন। কিন্তু এতিয়াও আসন বুজা-বুজিৰ ক্ষেত্ৰত কোনোধৰণৰ ঐক্যমতত উপনীত হ’ব পৰা নাই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। কাক কোনে কোনটো সমষ্টিত প্ৰাৰ্থী হিচাপে থিয় কৰাব তাৰ কোনোধৰণৰ সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই।

ৰাইজৰ দলৰ দাবী আসনৰ ক্ষেত্ৰত তেওঁলোকক ৫০ শতাংশ দিব লাগিব অসম জাতীয় পৰিষদে। ৰাইজৰ দলৰ এক উচ্চস্তৰীয় সুত্ৰই জনাইছে এই কথা।

তাৰ মাজতে নৰ্থ ইষ্ট নাওৰ হাতলৈ আহি পৰিছে ৰাইজৰ দলৰ প্ৰায় চূড়ান্ত এখন তালিকা।

তালিকা অনুসৰি শিৱসাগৰত ৰাইজৰ দলৰ হৈ অখিল গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো একপ্ৰকাৰ নিশ্চিত। ঠিক সেইদৰে মাহমৰা সমষ্টিত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক লোহিত গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱাটো চুড়ান্ত।

তেনেদৰে ৰহা সমষ্টিত ৰাইজৰ দলৰ অন্য এগৰাকী সাধাৰণ সম্পাদক ৰুবুল দাসে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি জানিব পৰা গৈছে। লগতে তেজপুৰ সমষ্টিত অন্য এগৰাকী সাধাৰণ সম্পাদক অলক নাথে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। ঠিক সেইদৰে চেঙা সমষ্টিত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক হুছেইন মহম্মদ চাহজাহানে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি জানিব পৰা গৈছে।

আনহাতে, কমলপুৰত ৰাইজৰ দলৰ জিতুল ডেকা, ভবানীপুৰত জেৰিফা ৱাহিদ, পূৱ গোৱালপাৰাত আমিনুল ইছলাম, টীয়কত পবিন্দ্ৰ চেতিয়া ফুকন প্ৰাৰ্থিত্বৰ দৌৰত আগত আছে।

ইপিনে, প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে চূড়ান্ত ৰূপ লোৱা ধেমাজি সমষ্টিত অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী, হৰেন চুতীয়াৰ নাম চৰ্চাত আছে যদিও ৰাইজৰ দলৰ নৱ কুমাৰ ডেকা বৰুৱাই নিজকে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে মূৰ তুলি থিয় দিছে।

ঠিক সেইদৰে বিহপুৰীয়া সমষ্টিতো অসম জাতীয় পৰিষদে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বাবে চৰ্চা চলিছিল যদিও এতিয়া ৰাইজৰ দলৰ এগৰাকী সম্পাদক অনুপ শইকীয়াই নিজকে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ বুলি দাবী কৰিছে। ইয়াক লৈ কিছুদিন পূৰ্বে ৰাইজৰ দলৰ মুখ্য কাৰ্য্যালয়ত অনুপ শইকীয়াৰ সমৰ্থকে আহি টিকটৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

ইপিনে, গোলাঘাটত ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই টিকট লাভ কৰাটো প্ৰায় চূড়ান্ত হৈ পৰিছে। তথাপিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াৰ নামো চৰ্চা চলিছে।

ইয়াৰোপৰি, যোৰহাট সমষ্টিত ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি শৰ্মাৰ নামটো প্ৰায় চূড়ান্ত। চামগুৰিত প্ৰদীপ কলিতাই প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে।

জালুকবাৰী সমষ্টিত প্ৰাৰ্থী হিচাপে চৰ্চাত আছে কমল কুমাৰ মেধিৰ নাম।

ইপিনে, পূৱ গুৱাহাটী সমষ্টিটোত অসম জাতীয় পৰিষদৰ উপ-সভাপতি অদীপ ফুকনৰ নামটো চৰ্চা চলিছিল যদিও ৰাইজৰ দলৰ দিৱস ফুকনো সমষ্টিটোৰ বাবে টিকটৰ দাবীদাৰ হিচাপে থিয় দিছে।

দিচপুৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰদীপ বৰুৱা বা কৃষ্ণা শৰ্মাই প্ৰাৰ্থিত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে, সমষ্টিটোৰ পৰা শংকৰ লস্কৰৰ নামটো চৰ্চাত নথকা নহয়। তাৰোপৰি টিয়কত টিকট লাভৰ সাম্ভাৱ্য প্ৰাৰ্থী হিচাপে কবীন্দ্ৰ চেতিয়া ফুকন, মনোজ গগৈ আৰু পাৰ্থ শইকীয়াৰ নাম চৰ্চাত আছে।

বৰ্তমানলৈকে ডেৰ শতাধিক লোকে ৰাইজৰ দলৰ হৈ প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যে আবেদন কৰিছে। কিন্তু তাৰ মাজৰ পৰা কাক টিকট দিব সেয়া আজি নিশাৰ ভিতৰত চূড়ান্ত হ’ব।

আজি নিশাৰ ভিতৰত নিৰ্বাচনী কমিটিৰ বৈঠকৰ অন্তত চূড়ান্ত হ’ব ৰাইজৰ দলৰ প্ৰাৰ্থীত্বৰ তালিকা। ইয়াৰোপৰি, আসন বুজা-বুজি সন্দৰ্ভতো অসম জাতীয় পৰিষদৰ সৈতে আজি এক বৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে।

Recent News

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমূল চাঞ্চল্য

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমূল চাঞ্চল্য

যোৱা বৰ্ষত জেলৰ পৰা উধাও হোৱা অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক পুনৰ আটক, ক’ত?

যোৱা বৰ্ষত জেলৰ পৰা উধাও হোৱা অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক পুনৰ আটক, ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd