কৰ্মক্ষেত্ৰলৈ বহু দূৰ! নতুন চাকৰিৰ প্ৰথম দিনাই চাকৰি এৰিলে যুৱকে
সাম্প্ৰতিক সময়ত ৰাজহুৱা খণ্ডৰে হওক বা কৰ্পৰেট খণ্ডৰে হওক, কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান তথা পেচাদাৰী জীৱনৰ নানা কাহিনী সামাজিক মাধ্যমত প্ৰকাশ কৰে কৰ্মচাৰীসকলে। এনে কাহিনীবোৰে স্বাভাৱিকতেই সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ মনোযোগ আকৰ্ষণ কৰে।
শেহতীয়াকৈ এনে এক কাহিনীয়ে সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা। কৰ্পৰেট খণ্ডত নিজৰ চাকৰিৰ প্ৰথম দিনাই চাকৰি এৰি চৰ্চালৈ আহিছে নতুন দিল্লীৰ এগৰাকী যুৱক। কৰ্মক্ষেত্ৰলৈ বহু দূৰ হোৱাৰ ফলত যাতায়তৰ সময় দীঘলীয়া হৈ পৰাৰ অজুহাততে যুৱকগৰাকীয়ে গ্ৰহণ কৰে এই সিদ্ধান্ত।
চ’ছিয়েল মিডিয়া প্লেটফৰ্ম ৰেডিটত এক পোষ্টযোগে তেওঁ শ্বেয়াৰ কৰিছিল এই সিদ্ধান্তৰ কথা। তেওঁৰ এই পোষ্টটোৰ পাছতে তেওঁৰ সিদ্ধান্ত সন্দৰ্ভত ব্যাপক আলোচনা-সমালোচনা চলে। যুৱকগৰাকীয়ে যুক্তি দিছে যে তেওঁৰ বাসস্থানৰ পৰা কৰ্মস্থলীৰ মাজত ‘বহুত দীঘলীয়া ভ্ৰমণ হ’ব।
তেওঁৰ বাবে ঘৰ সলনি কৰাটো সমাধানৰ উপায় হ’ব নোৱাৰে বুলিও যুৱকগৰাকীয়ে যুক্তি দৰ্শায়। উল্লেখ্য যে, তেওঁ দিল্লীৰ উত্তৰ-পশ্চিম অংশত বাস কৰে। আনহাতে তেওঁৰ কৰ্মস্থলী আছিল গুৰুগ্ৰামত।
যুৱকগৰাকীয়ে এই সন্দৰ্ভত লিখিছে যে, এটা ভাল প্ৰতিষ্ঠানত সাক্ষাৎকাৰৰ পিছত তেওঁক তৎক্ষণাত নিযুক্তি দিছিল আৰু ভাল দৰমহাও প্ৰদান কৰিছিল। নিজৰ প্ৰথম চাকৰি হোৱাৰ বাবে তেওঁ উৎসুক হৈছিল যদিও পিছত দীৰ্ঘ দূৰত্বৰ বিষয়ে উপলব্ধি কৰে।
এনে পৰিস্থিতিত তেওঁ হিচাপ কৰি দেখে যে, অফিচৰ কাম, অহা-যোৱাৰ সময় বাদ দিলে ঘৰত মাত্ৰ ৩ ঘণ্টাহে থাকিব পাৰিব। তদুপৰি কৰ্মক্ষেত্ৰলৈ ভ্ৰমণৰ বাবে মাহিলী প্ৰায় ৫ হাজাৰ টকা খৰচ হ’ব। ইফালে তেওঁ বাসস্থান সলাবলৈও সন্মত নহয়।
সেয়েহে তেওঁ আন ৰেডিট ব্যৱহাৰকাৰীৰ পৰা পৰামৰ্শ বিচাৰে। তেওঁৰ এই পোষ্টটোত বহু লোকে মন্তব্য কৰে। বহু লোকে কৰ্মক্ষেত্ৰলৈ নিজৰ যাতায়তৰ সমস্যাৰ বিষয়ে উল্লেখ কৰি যুৱকগৰাকীৰ সমস্যাক তেনেই সাধাৰণ আখ্যা দিয়ে আৰু তেওঁৰ সিদ্ধান্তক ভুলি বুলি অভিহিত কৰে।
বহু লোকৰ এনে মন্তব্যৰ পিছত যুৱকগৰাকীয়ে পোষ্টটো সম্পাদনা কৰে আৰু নিজৰ ভুল স্বীকাৰ কৰে। নিজৰ সিদ্ধান্ত আৱেগিক আছিল বুলি স্বীকাৰ কৰি আন লোকসকলে যে তেওঁতকৈ অধিক সমস্যাৰ সৈতে যুঁজে সেয়া জানিব পৰা নাছিল বুলি উল্লেখ কৰে যুৱকগৰাকীয়ে।
তেওঁ লগতে আগন্তুক যিকোনো সুযোগ গ্ৰহণ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি তেওঁৰ এই পোষ্টটোত মন্তব্য আগবঢ়াই তেওঁৰ মনোভাৱ সলনি কৰাৰ বাবে সকলোকে ধন্যবাদ জনায় যুৱকগৰাকীয়ে।