NORTHEAST NOW (Assamese)

মৰিয়াই মৰিয়াই মাটিত পুতি থোৱা যুৱকৰ প্ৰাণ বচালে পথৰ ভতুৱা কুকুৰে : কিন্তু কেনেকৈ?

August 3, 2024 7:12 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: August 2, 2024 8:23 pm

আগ্ৰাত সংঘটিত হৈছে এক উদ্বেগজনক ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি এজন যুৱকক কেইটামান দুষ্কৃতিকাৰীয়ে আধামৰা কৰি মাটিত গাত খান্দি পুতি থৈ গৈছিল।

কিন্তু পথৰ কেইটামান কুকুৰৰ বাবে প্ৰাণ ৰক্ষা পৰিল যুৱকজনৰ। বৰ্তমান যুৱকজন চিকিৎসালয়ত ভৰ্তি হৈ আছে।

জানিব পৰা মতে যুৱকজনৰ নাম ৰূপ কিশোৰ। এটুকুৰা মাটিক লৈ হোৱা বিবাদৰ বাবে তেওঁক কেইবাজনো লোকে মৰিয়াই আধা মৰা কৰে আৰু অৱশেষত এটা গাত খান্দি পুতি থৈ সেই স্থান ত্যাগ কৰে।

কিন্তু কেইটামান কুকুৰৰ বাবেই প্ৰাণ ৰক্ষা পৰিল ৰূপ কিশোৰৰ। ৰূপে জনোৱা মতে চাৰি জন লোকে তেওঁক মাৰপিট কৰি পুতি থৈ যোৱাৰ পিছত কেইটামান পথৰ কুকুৰে গাঁত খান্দি তেওঁক উলিয়াই আনে।

ৰূপৰ মতে, কুকুৰ কেইটাই তেওঁক মৃত বুলি ভাবি গাঁতৰ পৰা উলিয়াই ভক্ষণ কৰিবলৈ লৈছিল। কিন্তু কুকুৰৰ আঘাতত চেতনা ঘুৰি আহে ৰূপ কিশোৰৰ। তাৰপিছত চিনাকী কেইজনমান লোকে দেখা পাই ৰূপক চিকিৎসালয়ত ভৰ্তি কৰে।

ইফালে ৰূপৰ মাতৃয়ে আৰক্ষীক জনোৱা মতে, অংকিত, গৌৰৱ, কৰণ আৰু আকাশ নামৰ চাৰিজন ব্যক্তিয়ে ৰূপক ঘৰৰ পৰা লৈ গৈছিল। তেওঁলোকেই ৰূপৰ লগত এই জঘণ্য কাণ্ড সংঘটিত কৰিছিল।

ৰূপৰ শৰীৰত একাধিক আঘাতৰ চিন পোৱা গৈছে। আৰক্ষীয়ে এইবোৰ কুকুৰৰ দাঁত বুলি বিশ্বাস কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। লগতে অভিযুক্তৰ সন্ধান উলিয়াবলৈ অঞ্চলটোত তালাচী চলোৱা হৈছে।

Related News