সদ্যহতে গ্ৰীণ জ’নতে থাকিব গুৱাহাটী; মহানগৰীত আৰু আছে ক’ৰ’না ৰোগী : স্বাস্থ্য মন্ত্ৰী

Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

‘কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা পালেই সলনি হ’ব গুৱাহাটীৰ জ’ন। সদ্য হতে গ্ৰীণ জ’নতে থাকিব গুৱাহাটী।‘ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত এই কথা সদৰী কৰে।

সংবাদমেলত তেওঁ আৰু কয়, ‘বৃহস্পতিবাৰে ক’ৰ’নাত আক্ৰান্ত হোৱা অসমৰ ৪জন ৰোগীৰ এজনক বাদ দি বাকীসকলৰ নাই ট্ৰেভেল হিষ্ট্ৰী।‘

দেৱৰাজ আচাৰ্য শিলিগুৰিৰ পৰা অসমলৈ আহিছিল বুলি তেওঁ উল্লেখ কৰি তেওঁ কয়, ‘বাকীসকল গুৱাহাটীতে থাকি ক’ৰ’নাত আক্ৰান্ত হৈছে।‘

‘যদিহে গুৱাহাটীৰ কোনো লোকৰ কাঁহ বা জ্বৰ হয় ততাতৈয়াকৈ হাস্পতাললৈ যাওঁক। মনীষ তিবৰেৱালৰ লগতে এই ৩ গৰাকী লোকো গুৱাহাটীতে থাকি ক’ৰ’না পজিটিভ হৈছে।‘ তেওঁ কয়।

ইপিনে জি এম চি এইচত আগন্তুক ৩ দিনৰ বাবে নতুন ৰোগী ভৰ্তি কৰা নহয় বুলি মন্ত্ৰী শৰ্মাই লগতে জানিবলৈ দিয়ে।

হিমন্তৰ মতে ‘গুৱাহাটী মহানগৰীত আৰু আছে ক’ৰ’না ৰোগী। গুৱাহাটীতে সংক্ৰমণ হৈছে এই মাৰাত্মক ভাইৰাছৰ।‘

আনহাতে বহিঃ ৰাজ্যত থকা লোকসকলক য’তে আছে তাতে থাকি অসমখন বচাবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।

এই সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে উৰিষ্যা চৰকাৰৰ উদাহৰণ দি কয় ‘ৰাজ্যখনৰ চৰকাৰে নিজা লোকসকলক উৰিষ্যাৰ ৰক্ষাৰ স্বাথত বাহিৰতে থাকিবলৈ আহ্বান জনাইছিল।‘

আনহাতে, আজমেৰ শ্বৰিফৰ লগত জড়িত ক’ৰ’না ৰোগীৰ সংখ্যা অসমত ৫ জনলৈ বৃদ্ধি হোৱা বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘চাহাবুদ্দিন আহমেদ নামৰ ৪৬ সংখ্যক ক’ৰ’না ৰোগী গৰাকীৰ জ্বৰ আন ৰোগীতকৈ বেছি।‘

‘৪ গৰাকী ৰোগীক শিলচৰ মেডিকেলত ভৰ্তি। কাছাৰৰ কেবাটাও স্থানক কন্টেইনমেণ্ট জ’ন ঘোষণা, ডেৰ শতাধিক লোকক কুৱাৰেণ্টাইন কৰা হৈছে।‘ মন্ত্ৰী গৰাকীয়ে জনায়।