ফেচবুক-ইনষ্টাগ্ৰামৰ বিজুতিত অলেখ মিম, অনেকৰ ট্ৰল : ইলন মাস্কেও নেৰিলে সুযোগ

কালি হঠাতে লগ আউট হৈ গ’ল সকলোৰে ফেচবুক একাউণ্ট। লগ আউট হোৱাৰ পিছত কোনেও কিছু সময়লৈকে খুলিব নোৱাৰিলে ফেচবুক। বাৰে বাৰে খুলিবলৈ চেষ্টা কৰি  ব্যৱহাৰকাৰীসকলে দেখে যে পাচৱৰ্ডটো বুলি কৈছে ফেচবুকে। পাচৱৰ্ড ৰিচেট কৰিবলৈ গৈও বিফল হ’ল ফেচবুকাৰু সকল। লগতে কাম নকৰা হ’ল ইনষ্টাগ্ৰামেও।  সকলোৰে এটাই চিন্তা আহিল মনলৈ – হেক হ’ল নেকি মোৰ ফেচবুক একাউণ্ট???

পিছত গম পোৱা গ’ল যে চাৰ্ভাৰত সমস্যাৰ বাবে ছ’চিয়েল নেটৱৰ্কিং চাইটটো বন্ধ কৰি দিয়া হৈছে। প্ৰায় এঘণ্টাৰ পিছতে এই অচলাৱস্থা আঁতৰ কৰিলে মেটাই। 

ইফালে ফেচবুক আৰু ইনষ্টাগ্ৰাম অসক্ৰিয় হৈ যোৱাৰ লগে লগে ব্যৱহাৰকাৰীসকলে নিজৰ সকলো ক্ষোভ আন এটা ছ’চিয়েল মিডিয়া হেণ্ডেল ‘এক্স’ত প্ৰকাশ কৰিলে। 

ফেচবুক-ইনষ্টাগ্ৰাম বিকল হোৱাৰ পিছত যেতিয়া ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এক্স প্লেটফৰ্মত ভিৰ কৰি ফেচবুকক  সমালোচনা কৰিবলৈ লাগিল তেতিয়াই এক্সৰ মালিক ইলন মাস্কেও ট্ৰল কৰিলে ফেচবুকৰ মালিক মাৰ্ক জুকাৰবাৰ্গক।  

ইলনে টুইট কৰিলে – “আপুনি এই পোষ্টটো পঢ়িব পাৰে কাৰণ আমাৰ চাৰ্ভাৰে কাম কৰি আছে।”

আনহাতে  এক্সৰ অফিচিয়েল হেণ্ডেলৰ পৰা কৰা এটা পোষ্টত লিখা আছিল, “আমি জানো আপোনালোক সকলোৱে ইয়ালৈ কিয় আহিছে।”

এইদৰেই ইলন মাস্কৰ ট্ৰলৰ সমুখীন হ’ল মেটা তথা মাৰ্ক জুকাৰবাৰ্গ।

আউটেজ ট্ৰেক কৰা ৱেবছাইট ডাউনডিটেক্টৰৰ মতে, বিশ্বজুৰি ৩ লাখতকৈ অধিক ফেচবুক ব্যৱহাৰকাৰী আৰু ৪৭ হাজাৰ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী প্ৰভাৱিত হৈছে এই সমস্যাৰ দ্বাৰা। জানিব পৰা মতে হোৱাটছএপতো বহুতে সমস্যাৰ সন্মুখীন হৈছিল।

ইফালে ফেচবুক-ইনষ্টাগ্ৰাম সক্ৰিয় হোৱাৰ এঘণ্টাৰ পাছত মেটাই এক বিবৃতিত কয়, ‘আমি জানো যে আমাৰ সেৱাত কিছু সমস্যা আছে। আমি ইয়াৰ ওপৰত কাম কৰি আছো।”