আমাৰ অসমত ড০ হীৰেন গোহাঁইয়ে অখিল গগৈক সমালোচনা কৰি লিখা প্ৰৱন্ধৰ উত্তৰ দি মুকলি চিঠি লিখিলে ৰাইজৰ দলে। শেহতীয়াকৈ ড০ গোহাঁইয়ে আমাৰ অসমত ‘অখিল মতি গতি বুজি নাপাওঁ’ বুলি এক প্ৰৱন্ধ লিখিছিল। ইয়াৰ পিছত ড০ হীৰেন গোহাঁইক কংগ্ৰেছপক্ষী আৰু নিৰপেক্ষ বুদ্ধিজজীৱি নহয় বুলি সামাজিক মাধ্যমত কটাক্ষ কৰিছিল অখিল গগৈয়ে। ইয়াক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল সামাজিক মাধ্যমত। বিতৰ্কৰ মাজতে শুকুৰবাৰে ড০ হীৰেন গোহাঁইলৈ মুকলি চিঠি প্ৰেৰণ কৰিছে ৰাইজৰ দলে। তলত অসম্পাদিত ৰূপত সেই চিঠিখন আগবঢ়োৱা হ’ল –
শ্রদ্ধাস্পদেষু,
নমস্কাৰ গ্ৰহণ কৰিব। ‘আমাৰ অসম’ কাকতত যোৱা ৬ মার্চ, ২০২৫ তাৰিখে আপোনাৰ এক বক্তব্য প্রকাশ পাইছে। বাতৰিটোৰ শিৰোণাম হ’ল- “অখিলৰ গতি-বিধি আমি বুজি নাপাওঁ : ড° গোহাঁই…”। বাতৰিটোত প্রকাশ পাইছে এনেকৈ- “তেওঁৰ দলৰ সিদ্ধান্তৰ বিষয়ে আমি কোনো ফুত নাপাওঁ। কি ভাবি কেতিয়া তেওঁ কি কৰে ধৰা নাযায়। সেইটোৱে সমস্যাৰ সৃষ্টি কৰে। তেওঁ এতিয়া বিজেপি-কংগ্ৰেছৰ পৰা সমদূৰত্বত থকাৰ দৰে কৰি আছে। সেইটো নির্বাচনী কচৰৎ হয় নে নহয় তেওঁ বিবেচনা কৰা ভাল।”এই বাতৰি কাকতত প্রকাশিত বক্তব্যটো দেখাৰ লগে লগে আমি আচলতে আচৰিত হোৱাৰ লগতে যথেষ্ট মর্মাহত হৈছো। গোহাঁই ছাৰৰ যদি কিবা ক’বলগীয়া আছিল সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱাকৈ প্ৰকাশ নকৰি আমাৰ দলৰ সভাপতি অথবা দলৰ নেতৃবৃন্দক ব্যক্তিগতভারে মাতি নি ক’লে আমি ভাল পালোহেঁতেন। কাৰণ আপোনাৰ লগত আমাৰ সম্পৰ্ক কেইবা দশক ধৰি। অসমৰ সমাজ জীৱনত, অসমৰ সংকট কালত সকলো সময়তে আপুনি বলিষ্ঠ ভূমিকা লৈ আহিছে। চৰকাৰৰ জনগণ বিৰোধী পদক্ষেপৰ বিৰুদ্ধে আপুনি সদায় দৃঢ়ভাৱে মাত মাতি আহিছে আৰু অসমৰ জনগণক দিকদর্শন কৰাৰ লগতে আমাকো এই ক্ষেত্রত উৎসাহ যোগাই আহিছে। শেহতীয়াকৈ আপোনাৰ নেতৃত্বতে বুদ্ধিজীৱী সমাজে বিৰোধী ঐক্য লগ লগোৱাৰ ক্ষেত্ৰত আগভাগ লৈছে। যোৱা ১ মার্চ, ২০২৫ তাৰিখে বুদ্ধিজীবী সমাজৰ নেতৃত্বত সোণাপুৰৰ ‘আতিথ্য ৰিজ’ৰ্ট’ত অসমৰ বিৰোধী ৰাজনৈতিক দলে অংশগ্রহণ কৰা সভাখনত সকলো দলেই ই্যু ভিত্তিক বক্তব্য ৰাখিছিল। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰোতে হৰেকৃষ্ণ ডেকা ডাঙৰীয়াই পূৰ্বৰ তিক্ততাপূর্ণ কথাবোৰ পৰিহাৰ কৰি বিৰোধী ঐক্যৰ প্ৰক্ৰিয়াটোক আগবঢ়াই নিব লাগে বুলি কৈছিল। সভাখনত আমাৰ দলৰ সভাপতিৰ নিৰ্দেশ মর্মে মই বক্তব্য প্রদান কৰিছিলো। তাৎপর্যপূর্ণ কথাটো হ’ল সকলো দলৰ প্ৰতিনিধিয়ে তেওঁলোকৰ বক্তব্যত কাকোরে ব্যক্তিগত আক্রমণ নকৰি ইছ্যু ভিত্তিক বক্তব্য ৰখাৰ বিপৰীতে একমাত্র কংগ্ৰেছ দলৰ প্রতিনিধি সাংসদ প্রদ্যুৎ বৰদলৈ ডাঙৰীয়াই সভাখনৰ বিষয়বস্তুৰ পৰা আঁতৰি ব্যক্তিগতভাবে অখিল গগৈ ডাঙৰীয়াৰ নাম লৈ আক্ৰমণ কৰিছিল। যাৰ ফলত অখিল গগৈ ডাঙৰীয়াই সভাত উপস্থিত আন ৰাজনৈতিক দলৰ প্রতিনিধিসকলক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হৈছিল। কংগ্ৰেছৰ সাংসদগৰাকীয়ে অগণতান্ত্রিকভারে সংবাদ মাধ্যমৰ উপস্থিতিত কি অজ্ঞাত কাৰণত সভাস্থলি ত্যাগ কৰি সকলো বিৰোধী ৰাজনৈতিক দলক সংবাদ মাধ্যমৰ সন্মুখত অস্বস্তিত পেলালে সেইটো আমি বুজিবলৈ সক্ষম নহ’লো। সাংসদজনে ব্যক্তিগতভাৱে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈহে অখিল গগৈ ডাঙৰীয়াই সভাখনত বক্তব্য ৰাখিব লগা হৈছিল। পৰৱৰ্তী সময়ত এই ঘটনা সম্পর্কে কিছু সংখ্যক সংবাদ মাধ্যমে আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক সাঙুৰি কিছু নেতিবাচক বাতৰি পৰিৱেশন কৰা আমি প্রত্যক্ষ কৰিছো। যাৰ ফলত ১ মাৰ্চৰ সভাখনৰ সফলতা আৰু বিফলতাক লৈ ৰাইজৰ দল আৰু দলৰ সভাপতি সম্পর্কে কিছু সংখ্যক লোকৰ মাজত এটা ভুল বার্তা গৈছে। যাৰ বাবে চাগে ছাৰ আপুনিও আমাৰ প্ৰতি ভুল ধাৰণা গঢ়ি উঠাৰ বাবে এই বক্তব্যখিনি সংবাদ মাধ্যমত ব্যক্ত কৰিছে। সেইবাবে অনিচ্ছাকৃতভাৱে হ’লেও এই কথাখিনি মুকলিভারে ব্যক্ত কৰাৰ বাবে বাধ্য হ’লো। তাৎপর্যপূর্ণ কথাটো হ’ল যোৱা ১ মাৰ্চৰ সভাখনত আপোনালোকৰ পৰামৰ্শ মতে ৰাইজৰ দলে ততাতৈয়াকৈ ২ মাৰ্চৰ দিনাখন দলৰ কৰ্ণধাৰ পাতি সিদ্ধান্ত লৈছিলো যে বিৰোধী ঐক্যৰ মাজত যাতে আগন্তুক দিনত কোনো বিভ্রান্তি আৰু ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ বাবে দলৰ সকলো সতীর্থক কোনো ৰাজহুৱা বক্তব্য নাৰাখিবলৈ নির্দেশ প্রদান কৰা হৈছিল। যিটো কথা ইতিমধ্যে দলৰ সভাপতিয়ে যোৱা ৪ মাৰ্চৰ দিনা সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰিছিল।
ছাৰ, আপুনি সিদিনাৰ সভাখনত উপস্থিত নাছিল। সেইবাবে শ্রীযুত প্রদ্যুৎ বৰদলৈৰ বক্তব্য, তেওঁৰ শাৰীৰিক ভাষা আৰু আৰু তেওঁ আকস্মিক সভা ত্যাগৰ দৃশ্য আপুনি প্রত্যক্ষ কৰিব পৰা নাছিল। সেইবাবে এই প্রেক্ষাপটতো উলাই কৰি আপুনি সংবাদ মাধ্যমত যি বক্তব্য দাঙি ধৰিছে এয়া নিশ্চিতভাবে আমাৰ গ্ৰহণযোগ্য নহয়।
আমি ভাবো, সভাত এনে কোনো বিশেষ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল যি কাৰণত সাংসদজনে সভাস্থলি ত্যাগ কৰিব লাগে। যদিহে সাংসদজনে সভা ত্যাগ নকৰিলেহেঁতেন, সংবাদ মাধ্যমত সেই দৃশ্য নোলালহেঁতেন তেন্তে সিদিনাৰ সভা নিশ্চিতভাৱে এখন অতি সফল সভা হ’লহেঁতেন। শেষত আমি পুনৰ দৃঢ়ভাৱে জনাওঁ যে কংগ্ৰেছ দলৰ লগত আমাৰ মতাদর্শগত বৃহৎ পার্থক্য থকা স্বত্ত্বেও কেৱল আৰু কেৱল সাম্প্রদায়িক ফেচিবাদী শক্তি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে ৰাইজৰ দলে ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ঐক্যবদ্ধভাবে অবতীর্ণ হ’ব খোজো। ২০২৬ চনত বিজেপিক পৰাভূত কৰিবলৈ আমি বদ্ধপৰিকৰ।