• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড০ হীৰেন গোহাঁইয়ে লিখা প্ৰৱন্ধৰ উত্তৰ দি মুকলি চিঠি লিখিলে ৰাইজৰ দলে ‎

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2025 4:51 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ অসমত ড০ হীৰেন গোহাঁইয়ে অখিল গগৈক সমালোচনা কৰি লিখা প্ৰৱন্ধৰ উত্তৰ দি মুকলি চিঠি লিখিলে ৰাইজৰ দলে। শেহতীয়াকৈ ড০ গোহাঁইয়ে আমাৰ অসমত ‘অখিল মতি গতি বুজি নাপাওঁ’ বুলি এক প্ৰৱন্ধ লিখিছিল। ইয়াৰ পিছত ড০ হীৰেন গোহাঁইক কংগ্ৰেছপক্ষী আৰু নিৰপেক্ষ বুদ্ধিজজীৱি নহয় বুলি সামাজিক মাধ্যমত কটাক্ষ কৰিছিল অখিল গগৈয়ে। ইয়াক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল সামাজিক মাধ্যমত। বিতৰ্কৰ মাজতে শুকুৰবাৰে ড০ হীৰেন গোহাঁইলৈ মুকলি চিঠি প্ৰেৰণ কৰিছে ৰাইজৰ দলে। তলত অসম্পাদিত ৰূপত সেই চিঠিখন আগবঢ়োৱা হ’ল –

শ্রদ্ধাস্পদেষু,

Apply Now

নমস্কাৰ গ্ৰহণ কৰিব। ‘আমাৰ অসম’ কাকতত যোৱা ৬ মার্চ, ২০২৫ তাৰিখে আপোনাৰ এক বক্তব্য প্রকাশ পাইছে। বাতৰিটোৰ শিৰোণাম হ’ল- “অখিলৰ গতি-বিধি আমি বুজি নাপাওঁ : ড° গোহাঁই…”। বাতৰিটোত প্রকাশ পাইছে এনেকৈ- “তেওঁৰ দলৰ সিদ্ধান্তৰ বিষয়ে আমি কোনো ফুত নাপাওঁ। কি ভাবি কেতিয়া তেওঁ কি কৰে ধৰা নাযায়। সেইটোৱে সমস্যাৰ সৃষ্টি কৰে। তেওঁ এতিয়া বিজেপি-কংগ্ৰেছৰ পৰা সমদূৰত্বত থকাৰ দৰে কৰি আছে। সেইটো নির্বাচনী কচৰৎ হয় নে নহয় তেওঁ বিবেচনা কৰা ভাল।”এই বাতৰি কাকতত প্রকাশিত বক্তব্যটো দেখাৰ লগে লগে আমি আচলতে আচৰিত হোৱাৰ লগতে যথেষ্ট মর্মাহত হৈছো। গোহাঁই ছাৰৰ যদি কিবা ক’বলগীয়া আছিল সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱাকৈ প্ৰকাশ নকৰি আমাৰ দলৰ সভাপতি অথবা দলৰ নেতৃবৃন্দক ব্যক্তিগতভারে মাতি নি ক’লে আমি ভাল পালোহেঁতেন। কাৰণ আপোনাৰ লগত আমাৰ সম্পৰ্ক কেইবা দশক ধৰি। অসমৰ সমাজ জীৱনত, অসমৰ সংকট কালত সকলো সময়তে আপুনি বলিষ্ঠ ভূমিকা লৈ আহিছে। চৰকাৰৰ জনগণ বিৰোধী পদক্ষেপৰ বিৰুদ্ধে আপুনি সদায় দৃঢ়ভাৱে মাত মাতি আহিছে আৰু অসমৰ জনগণক দিকদর্শন কৰাৰ লগতে আমাকো এই ক্ষেত্রত উৎসাহ যোগাই আহিছে। শেহতীয়াকৈ আপোনাৰ নেতৃত্বতে বুদ্ধিজীৱী সমাজে বিৰোধী ঐক্য লগ লগোৱাৰ ক্ষেত্ৰত আগভাগ লৈছে। যোৱা ১ মার্চ, ২০২৫ তাৰিখে বুদ্ধিজীবী সমাজৰ নেতৃত্বত সোণাপুৰৰ ‘আতিথ্য ৰিজ’ৰ্ট’ত অসমৰ বিৰোধী ৰাজনৈতিক দলে অংশগ্রহণ কৰা সভাখনত সকলো দলেই ই্যু ভিত্তিক বক্তব্য ৰাখিছিল। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰোতে হৰেকৃষ্ণ ডেকা ডাঙৰীয়াই পূৰ্বৰ তিক্ততাপূর্ণ কথাবোৰ পৰিহাৰ কৰি বিৰোধী ঐক্যৰ প্ৰক্ৰিয়াটোক আগবঢ়াই নিব লাগে বুলি কৈছিল। সভাখনত আমাৰ দলৰ সভাপতিৰ নিৰ্দেশ মর্মে মই বক্তব্য প্রদান কৰিছিলো। তাৎপর্যপূর্ণ কথাটো হ’ল সকলো দলৰ প্ৰতিনিধিয়ে তেওঁলোকৰ বক্তব্যত কাকোরে ব্যক্তিগত আক্রমণ নকৰি ইছ্যু ভিত্তিক বক্তব্য ৰখাৰ বিপৰীতে একমাত্র কংগ্ৰেছ দলৰ প্রতিনিধি সাংসদ প্রদ্যুৎ বৰদলৈ ডাঙৰীয়াই সভাখনৰ বিষয়বস্তুৰ পৰা আঁতৰি ব্যক্তিগতভাবে অখিল গগৈ ডাঙৰীয়াৰ নাম লৈ আক্ৰমণ কৰিছিল। যাৰ ফলত অখিল গগৈ ডাঙৰীয়াই সভাত উপস্থিত আন ৰাজনৈতিক দলৰ প্রতিনিধিসকলক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হৈছিল। কংগ্ৰেছৰ সাংসদগৰাকীয়ে অগণতান্ত্রিকভারে সংবাদ মাধ্যমৰ উপস্থিতিত কি অজ্ঞাত কাৰণত সভাস্থলি ত্যাগ কৰি সকলো বিৰোধী ৰাজনৈতিক দলক সংবাদ মাধ্যমৰ সন্মুখত অস্বস্তিত পেলালে সেইটো আমি বুজিবলৈ সক্ষম নহ’লো। সাংসদজনে ব্যক্তিগতভাৱে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈহে অখিল গগৈ ডাঙৰীয়াই সভাখনত বক্তব্য ৰাখিব লগা হৈছিল। পৰৱৰ্তী সময়ত এই ঘটনা সম্পর্কে কিছু সংখ্যক সংবাদ মাধ্যমে আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক সাঙুৰি কিছু নেতিবাচক বাতৰি পৰিৱেশন কৰা আমি প্রত্যক্ষ কৰিছো। যাৰ ফলত ১ মাৰ্চৰ সভাখনৰ সফলতা আৰু বিফলতাক লৈ ৰাইজৰ দল আৰু দলৰ সভাপতি সম্পর্কে কিছু সংখ্যক লোকৰ মাজত এটা ভুল বার্তা গৈছে। যাৰ বাবে চাগে ছাৰ আপুনিও আমাৰ প্ৰতি ভুল ধাৰণা গঢ়ি উঠাৰ বাবে এই বক্তব্যখিনি সংবাদ মাধ্যমত ব্যক্ত কৰিছে। সেইবাবে অনিচ্ছাকৃতভাৱে হ’লেও এই কথাখিনি মুকলিভারে ব্যক্ত কৰাৰ বাবে বাধ্য হ’লো। তাৎপর্যপূর্ণ কথাটো হ’ল যোৱা ১ মাৰ্চৰ সভাখনত আপোনালোকৰ পৰামৰ্শ মতে ৰাইজৰ দলে ততাতৈয়াকৈ ২ মাৰ্চৰ দিনাখন দলৰ কৰ্ণধাৰ পাতি সিদ্ধান্ত লৈছিলো যে বিৰোধী ঐক্যৰ মাজত যাতে আগন্তুক দিনত কোনো বিভ্রান্তি আৰু ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ বাবে দলৰ সকলো সতীর্থক কোনো ৰাজহুৱা বক্তব্য নাৰাখিবলৈ নির্দেশ প্রদান কৰা হৈছিল। যিটো কথা ইতিমধ্যে দলৰ সভাপতিয়ে যোৱা ৪ মাৰ্চৰ দিনা সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰিছিল।

ছাৰ, আপুনি সিদিনাৰ সভাখনত উপস্থিত নাছিল। সেইবাবে শ্রীযুত প্রদ্যুৎ বৰদলৈৰ বক্তব্য, তেওঁৰ শাৰীৰিক ভাষা আৰু আৰু তেওঁ আকস্মিক সভা ত্যাগৰ দৃশ্য আপুনি প্রত্যক্ষ কৰিব পৰা নাছিল। সেইবাবে এই প্রেক্ষাপটতো উলাই কৰি আপুনি সংবাদ মাধ্যমত যি বক্তব্য দাঙি ধৰিছে এয়া নিশ্চিতভাবে আমাৰ গ্ৰহণযোগ্য নহয়।

আমি ভাবো, সভাত এনে কোনো বিশেষ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল যি কাৰণত সাংসদজনে সভাস্থলি ত্যাগ কৰিব লাগে। যদিহে সাংসদজনে সভা ত্যাগ নকৰিলেহেঁতেন, সংবাদ মাধ্যমত সেই দৃশ্য নোলালহেঁতেন তেন্তে সিদিনাৰ সভা নিশ্চিতভাৱে এখন অতি সফল সভা হ’লহেঁতেন। শেষত আমি পুনৰ দৃঢ়ভাৱে জনাওঁ যে কংগ্ৰেছ দলৰ লগত আমাৰ মতাদর্শগত বৃহৎ পার্থক্য থকা স্বত্ত্বেও কেৱল আৰু কেৱল সাম্প্রদায়িক ফেচিবাদী শক্তি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে ৰাইজৰ দলে ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ঐক্যবদ্ধভাবে অবতীর্ণ হ’ব খোজো। ২০২৬ চনত বিজেপিক পৰাভূত কৰিবলৈ আমি বদ্ধপৰিকৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd