NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

March 29, 2023 1:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 29, 2023 12:27 pm

আকৌ আহিব নেকি কভিডৰ ঢৌ? এই কথা ভাবিবলৈ বাধ্য কৰিছে শেহতীয়াকৈ বাঢ়ি অহা কভিড সংক্ৰমণৰ চৰকাৰী তথ্যই। কিয়নো যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ কভিড১৯ত আক্ৰান্ত হৈছে ২,১৫১ গৰাকী ব্যক্তি। যোৱা পাঁচমাহৰ ভিতৰত সৰ্বাধিক লোক কভিডত আক্ৰান্ত হৈছে বিগত ২৪ ঘন্টাত।

লগতে পঢ়কঃ আমেৰিকাৰ কনভেন্ট স্কুলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ শিশু শিক্ষাৰ্থীসহ ৬ জন

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত দেশত কৰ’নাৰ সংক্ৰমণমৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৫,৩০,৮৪১ জন। ইয়াৰ লগতে মন্ত্ৰালয়ৰ মতে ভাৰতত দৈনিক সংক্ৰমণৰ হাৰ ১.৫১ শতাংশ আৰু সাপ্তাহিক হাৰ ১.৫৩ শতাংশ।

লগতে পঢ়কঃ ঘৃণাসূচকৰ বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

বিগত ২৪ ঘন্টাত কভিডৰ অসামান্য সংক্ৰমণৰ ফলত দেশত এই পৰ্যন্ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৪৪,৭০৯,৬৭৬ গৰাকী

আনহাতে বৰ্তমান সময়ত দেশত চিকিত্‍সাধীন কভিডাক্ৰান্তৰ সংখ্যাও ১১,৯০৩ জনলৈ বৃদ্ধি পাইছে।

লগতে পঢ়কঃ বেয়া খবৰ ! UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা ক্ৰমান্বয়ে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে
প্ৰতিখন ৰাজ্যকে সাৱধানতা অৱলম্বনৰ নিৰ্দেশ প্ৰদান কৰিছে। কিন্তু গুৰুতৰ কথাটো হৈছে যে ২০২৪ ৰ সাধাৰণ নিৰ্বাচন আহি আছে। চৰকাৰে বিৰোধীৰ ওপৰত জঁপিয়াই পৰিছে। সমান্তৰালভাবে শক্তিশালী হৈ উঠিছে বিৰোধী। দেশৰ বিভিন্ন ঠাইত বিজেপি চৰকাৰৰ বিৰুদ্ধে গণ সমাৱেশৰ জোৱাৰ আৰম্ভ হৈছে। গতিকে এনে পৰিস্থিতি কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাটোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

লগতে পঢ়কঃ ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

Related News