NORTHEAST NOW (Assamese)

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

June 22, 2025 9:30 pm · নৰ্থ-ইষ্ট নাও গুৱাহাটী
Updated: June 22, 2025 8:46 pm

প্ৰকাশ পালে টাইমছ হাইয়াৰ এডুকেচন (THE) ইমপেক্ট ৰেংকিং ২০২৫ । এই তালিকাৰ শীৰ্ষ ৫০ খন শিক্ষানুষ্ঠানৰ ভিতৰত স্থান লাভ কৰিছে মাত্ৰ ২ খন ভাৰতীয় বিশ্ববিদ্যালয়। এই ৰেংকিঙে উদঙাই দিছে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ কৰুণ অৱস্থা।

এছিয়াৰ বহু দেশে বহনক্ষম উন্নয়নৰ লক্ষ্য (SDGs) পূৰণৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে যদিও ভাৰতে বিশেষ অগ্ৰগতি লাভ কৰা নাই। ১৩০খন দেশৰ ২৫২৬খন বিশ্ববিদ্যালয়ক লৈ এই তালিকা প্ৰস্তুত কৰা হৈছে।

এই ৰেংকিং অনুসৰি ভাৰতৰ মাত্ৰ দুখন বিশ্ববিদ্যালয়ে শীৰ্ষ ৫০ ত স্থান লাভ কৰিছে আৰু মাত্ৰ ৪ খন শিক্ষানুষ্ঠান শীৰ্ষ ১০০ ৰ ভিতৰত আছে।এই তালিকাত ভাৰতৰ শীৰ্ষ স্থান হৈছে তামিলনাডুৰ অমৃতা বিশ্ব বিদ্যাপীথাম, যিয়ে বিশ্ব ৰেংকত ৪১ নং স্থান দখল কৰিছে। আজীৱন শিক্ষা, ছাত্ৰ-ছাত্ৰীৰ সুবিধা আৰু বিশুদ্ধ পানী ব্যৱস্থাপনাত শিক্ষানুষ্ঠানখনে ১০০/১০০ নম্বৰ লাভ কৰিছে। আনহাতে, পঞ্জাৱৰ লাভলী প্ৰফেচনেল ইউনিভাৰ্চিটি (এল পি ইউ)য়ে প্ৰথমবাৰৰ বাবে ৪৮ নম্বৰ স্থানত শীৰ্ষ ৫০ ৰ ভিতৰত প্ৰৱেশ কৰে।

কৰ্ণাটকৰ জে এছ এছ একাডেমী অৱ হাইয়াৰ এডুকেশ্যন (৫৬ ৰেংক) আৰু হিমাচল প্ৰদেশৰ শ্বুলিনি ইউনিভাৰ্চিটি (৯৬ ৰেংক)য়েও শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰে।এইবাৰ ১৩৫ খন ভাৰতীয় প্ৰতিষ্ঠানে এই ৰেংকিঙত স্থান লাভ কৰে। তথাপিও শীৰ্ষত ভাৰতৰ উপস্থিতি স্পষ্টভাৱে কম। বহনক্ষম উন্নয়নৰ বাবে গৱেষণা, প্ৰসাৰ আৰু বিশ্ববিদ্যালয় পৰিচালনাৰ মানদণ্ডৰ ক্ষেত্ৰত এতিয়াও অধিকাংশ ভাৰতীয় বিশ্ববিদ্যালয়ে অধিক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজন। বিশ্বৰ ক্ষেত্ৰত এছিয়া মহাদেশৰ পাঁচখন শিক্ষানুষ্ঠানে শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়াৰ পশ্চিম ছিডনী বিশ্ববিদ্যালয় শীৰ্ষত আছে। তৃতীয় স্থানত আছে দক্ষিণ কোৰিয়াৰ কিউংপুক ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়। অষ্ট্ৰেলিয়াৰ আন দুখন প্ৰতিষ্ঠান গ্ৰীফিথ বিশ্ববিদ্যালয় আৰু তাছমেনিয়া বিশ্ববিদ্যালয় চতুৰ্থ স্থানত আছে। নৱম স্থানত আছে ইণ্ডোনেছিয়াৰ ইউনিভাৰ্চিটিছ এয়াৰলাংগা।

Related News