• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ই এছ আই-ৰ মাণ্ডলিক সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত বৃহৎ শ্ৰমিক বিক্ষোভ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 2, 2024 5:50 pm
126
VIEWS
Share on FacebookShare on Twitter

আজি চিআই টি ইউৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত গুৱাহাটীৰ বামুনিমৈদামস্থিত ই এছ আই-ৰ মাণ্ডলিক কাৰ্যলয়ৰ সন্মুখত বীমাকৃত শ্ৰমিকসকলে বৃহৎ বিক্ষোভ সংগঠিত কৰে। ESI অন্তভূৰ্ত্তিত ক্ষেত্ৰত মজুৰিৰ উৰ্দ্ধসীমা ৩৫০০ টকালৈ বৃদ্ধি কৰা, ESI অন্তভূৰ্ত্তিত ক্ষেত্ৰত দৰমহা নিৰ্ধাৰণ কৰোতে ভাত্তাসমূহ বাদ দিয়া, দুৰ্ঘটনাত পতিত হোৱা বীমাকৃত ব্যক্তিৰ ক্ষেত্ৰত ৰেফাৰেলৰ জটিলতা নাৰাখি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা কৰা, প্ৰতিখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত উপযুক্ত উন্নত মানৰ চিকিৎসা প্ৰদান কৰা, ICDS,NHM, POSHAN(MID DAY MEAL) ৰ কৰ্মচাৰীসকলক ESI ৰ সুবিধা প্ৰদান কৰা, বেলতলাৰ আৰ্হিত প্ৰস্তাৱিত তিনিচুকীয়া আৰু শিলচৰতো ESI চিকিৎসালয়ৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰা আদি শ্লোগান দি উত্তাল কৰে মাণ্ডলিক সঞ্চালকৰ কাৰ্যলয়।

বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য ৰাখে চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, উপসভাপতি বীৰেণ শৰ্মা, পেট্ৰ’লিয়াম এণ্ড গেছ ৱাৰ্কাৰ্চ ফেডাৰেচনৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক নগেন চুতীয়া, চি আই টি ইউৰ মহানগৰ জিলাৰ সম্পাদক আলী আকবৰ, ঠিকা শ্ৰমিক ইউনিয়নৰ নেতা দিলিপ ৰায়, বিজয় বসুমতাৰী, বিজয় গগৈ, মনিপুৰৰ নাৰায়ন, সঞ্জীৱ মোহনে। ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই কয় যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ শিল্প প্ৰতিষ্ঠানৰ শ্ৰমিকসকল হ’ল ই এছ আই আঁচনিৰ মূল অংশীদাৰ। নিশ্চিতভাৱে এই ই এছ আই শ্ৰমিক কৰ্মচাৰীৰ বাবে অতিশয় জৰুৰী অৰু অতিশয় আৱশ্যকীয় সামাজিক সুৰক্ষামূলক সেৱা। যে বহু সময়ত বীমাকৃত শ্ৰমিকসকলে প্ৰয়োজনীয় ESI স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। ৰাজহুৱা খণ্ডত ঠিকা পদ্ধতিত কৰ্মৰত আক বৃহৎ অংশৰ ঠিকা শ্ৰমিক সংগ্ৰাম কৰি কিছু মজুৰি বৃদ্ধি কৰি লবলৈ সক্ষম হৈছে। যিসকলে মাহিলি ২১০০০ টকাৰ বেছি পায়। ESI অন্তভুক্তিৰ এই উৰ্দ্ধসীমা ২১০০০ টকা হৈ থকাত উল্লেখিত শ্ৰমিকসকল ESI সুবিধাৰ পৰা বঞ্চিত হৈছে।

আনহাতে বীমাকৃত শ্ৰমিক কৰ্মৰত অৱস্থাত অথবা কৰ্মক্ষেত্ৰত আহোতে-যাওঁতে দুৰ্ঘটনাত পতিত হলে, বহু সময়ত ESI চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’ব লগা হয়। ESI চিকিৎসালয়ৰ প্ৰেৰণ সেৱাত প্ৰযোজ্য হৈ থকা কঠোৰ পদ্ধতিৰ বাবেই এইদৰে বঞ্চিত হয়।  প্ৰাথমিক চিকিৎসালয় বোৰত  ( ESI Dispensaries) উপযুক্ত ব্যৱস্থা এতিয়াও সুলভ নহয়।

একেদৰে কন্দ্ৰীয় চৰকাৰৰ তিনিখন আঁচনি  ICDS, NHM, POSHAN, (MID DAY MEAL) কৰ্মৰত শ্ৰমিক কৰ্মচাৰী সকলক ই এছ আই অন্তৰ্ভুক্ত কৰাটো জৰুৰী। অসমত ২ লাখ ৭১ হাজাৰ তেনে কৰ্মচাৰী আছে যি সকলে কোনো ধৰণৰ চিকিৎসা সাহায্য নাপায় আৰু কোনো স্বাস্থ্যবীমা আঁচনিক দ্বাৰা উপকৃত নহয়।

চি আই টি ইউ অসম ৰাজ্যিক কমিটিয়ে ই এছ আই সম্পৰ্কত উল্লেখিত সমস্যাসমূহৰ দাবীসম্বলিত এক স্মাৰক পত্ৰ বামুনিমৈদামস্থিত ই এছ আই-ৰ মাণ্ডলিক সঞ্চালকৰ জৰিয়তে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীলৈ প্ৰেৰণ কৰে। মাণ্ডলিক সঞ্চালক সন্মানীয় ৰবাৰ্ট লিয়ানচিয়াম গেইট ডাঙৰীয়াই স্মাৰক পত্ৰ গ্ৰহণ কৰি তেখেতৰ আওতাত থকা সমস্যাকেইটা অতিশীঘ্ৰে সমাধানৰ পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd