• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 18, 2025 8:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিত্তীয় অন্তৰ্ভুক্তি আঁচনি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বাবে চলি থকা তিনিমহীয়া অভিযানৰ অগ্ৰগতি আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰিবলৈ আজি গুৱাহাটীস্থিত এছবিআইৰ স্থানীয় মুখ্য কাৰ্যালয়ত ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ সমিতিৰ উদ্যোগত এখন সংবাদমেল অনুষ্ঠিত হয়।

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগে আৰম্ভ কৰা এই অভিযান ২০২৫ চনৰ ১ জুলাইৰ পৰা আৰম্ভ হৈছিল আৰু ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে অসমৰ সকলো জিলাতে চলিব।

Apply Now

সংবাদমেলত এছ বি আইৰ মহা প্ৰবন্ধক তথা এছ এল বি চি অসমৰ আহ্বায়ক চফল ত্ৰিপাঠীয়ে অৱগত কৰে যে ভাৰত চৰকাৰে গাঁও পঞ্চায়ত পৰ্যায়ত বিত্তীয় অন্তৰ্ভূক্তি আঁচনিসমূহ বিশেষকৈ বঞ্চিত অঞ্চলত সামাজিক সুৰক্ষা আঁচনিসমূহৰ সৰ্বাংগীন প্ৰৱেশ সুনিশ্চিত কৰাৰ উদ্দেশ্যেৰে দেশজোৰা অভিযান আৰম্ভ কৰিছে।

ত্ৰিপাঠীয়ে কয় যে এই অভিযানত সকলো নিষ্ক্ৰিয় একাউণ্টৰ বাবে কেৱাইচি পুনৰ পৰীক্ষণ, প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত বেংক একাউণ্ট বিহীন প্ৰাপ্তবয়স্কসকলৰ বাবে নতুন বেংক একাউণ্ট খোলা আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (পিএমজেজেবিৱাই), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনি (পিএমএছবিৱাই) আৰু অটল পেঞ্চন  যোজনা (এ পি ৱাই)ৰ অধীনত পঞ্জীয়ন আদিকে ধৰি মূল বিত্তীয় অন্তৰ্ভুক্তিৰ কাৰ্য্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি ডিজিটেল জালিয়াতি প্ৰতিৰোধ আৰু দাবী নকৰা জমা ধন লাভ কৰাৰ প্ৰক্ৰিয়া আৰু অভিযোগ নিৰাময় ব্যৱস্থাৰ ওপৰত সজাগতা অধিবেশনৰ আয়োজন কৰা হৈছে।

সংবাদমেলত ত্ৰিপাঠীয়ে এনে গুৰুত্বপূৰ্ণ পৰিসংখ্যা শ্বেয়াৰ কৰে, যিটোৱে অসমে ইতিমধ্যে চলিত অভিযানৰ অধীনত যথেষ্ট অগ্ৰগতি লাভ কৰাটোকে স্পষ্ট কৰিছে। ২০২৫ চনৰ ১৬ জুলাইলৈকে সমগ্ৰ ৰাজ্যতে গাঁও পঞ্চায়ত পৰ্যায়ত মুঠ ১,০৪১টা শিবিৰৰ আয়োজন কৰা হৈছে। এই প্ৰচেষ্টাসমূহৰ ফলত ১৬৫৮টা নতুন পিএমজেডিৱাই একাউণ্ট মুকলি কৰা হৈছে, পিএমজেজেবিৱাইৰ অধীনত ২৪৭১জন ব্যক্তিৰ নাম পঞ্জীয়ন, পিএমএছবিৱাইৰ অধীনত ৩৫৯২জন আৰু এপিৱাইৰ অধীনত ৬০৯গৰাকীৰ অৱদান আগবঢ়োৱা হৈছে। তদুপৰি, ৩,৪৩১টা একাউণ্টৰ বাবে কেৱাইচিৰ সবিশেষ পুনৰ জমা দিয়াৰ লগতে ৯০৭টা একাউণ্টত মনোনয়ন সংযোজন কৰা হৈছে।

তেওঁ কয় যে এই পদক্ষেপসমূহ বেংকিং প্ৰতিষ্ঠান আৰু জিলা প্ৰশাসন উভয়েই সক্ৰিয়ভাৱে প্ৰচাৰ কৰি গণ সজাগতা আৰু অংশগ্ৰহণ নিশ্চিত কৰিছে।

ত্ৰিপাঠীয়ে কয় যে সকলো অংশীদাৰক শাখা পৰ্যায়ৰ কৰ্মচাৰীক সংবেদনশীল কৰি তুলিবলৈ আৰু পিএমজেডিৱাই, পিএমজেজেবিৱাই, পিএমএছবিৱাই, এপিৱাইৰ দৰে বৃহৎ বিত্তীয় অন্তৰ্ভূক্তি আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ সৰ্বাধিক কভাৰেজ নিশ্চিত কৰিবলৈ আৰু নিস্ক্ৰিয় একাউণ্ট সক্ৰিয় কৰিবলৈ উপযুক্ত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। এই অভিযান তৃণমূল পৰ্যায়ত সৰ্বাংগীন বৃদ্ধি আৰু বিত্তীয় সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সংবাদমেলত গুৱাহাটীৰ প্ৰেছ ইনফৰমেচন ব্যুৰোৰ যুটীয়া সঞ্চালক পাৱনী গুপ্তা আৰু এছএলবিচি অসমৰ সহকাৰী মহাপ্ৰবন্ধক জয় চন্দ্ৰ চাকমাই সমগ্ৰ দেশতে এই অভিযানৰ কাৰ্যকলাপ আৰু তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd