Encounter in Assam অসমত কোনোধৰণৰ এনকাউণ্টাৰ হোৱা নাইঃ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

ৰাজ্যত অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা বৃদ্ধি পোৱা বুলি অভিযোগ উঠি আহিছে। বিষয়টোৱে আনকি আদালতৰ মজিয়াও পাইছে।
এনেসময়তে অসমত কোনোধৰণৰ এনকাউণ্টাৰ হোৱা নাই বুলি মন্তব্য কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

কলিয়াবৰত উপস্থিত হৈ এনকাউণ্টাৰ প্ৰসংগত আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্তই ৰাজ্যত কোনো এনকাউণ্টাৰ হোৱা নাই বুলি মন্তব্য কৰে।

কলিয়াবৰৰ কুঁৱৰীটোলত আজি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত উপস্থিত হয়। অসম চৰকাৰৰ “মৈত্ৰী” আঁচনিৰ অধীনত কলিয়াবৰ আৰক্ষী নিৱেশৰ নৱ নিৰ্মিত ভৱনৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী সঞ্চালকজন।

বন্তি প্ৰজ্বলন আৰু ফিটা কাটি নৱ নিৰ্মিত ভৱনটি শুভ উদ্ধোধন কৰে ভাস্কৰজ্যোতি মহন্তই। ভাষণ প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধানজনে কয় যে আৰক্ষীয়ে সাধাৰণ মানুহ, আৰ্তজনৰ লগত, অসহায় জনৰ লগত ফুলতকৈও কোমল হ’ব লাগিব। আনহাতেদি অপৰাধীৰ প্ৰতি ব্ৰজতকৈও কঠোৰ হ’ব লাগিব।

সংবাদ মাধ্যমৰ লগতে সাধাৰণ লোকসকলক উদ্দেশি তেওঁ কয় ’আপোনালোক হৈছে পোছাক নিপিন্ধা পুলিচ।আপোনালোকেও সকলো সময়তে নজৰ দি থাকে’।

আনহাতে কলিয়াবৰ থানাৰ অন্তৰ্গত শিলঘাট আৰক্ষী চকীখন ভাড়াঘৰতে চলি থকাৰ কথা আঙুলিয়াই দিয়াত আৰক্ষী আৰক্ষী সঞ্চালক প্ৰধানজনে কয় যে শীঘ্ৰে অসমৰ দুশখন আৰক্ষী চকী থানালৈ উন্নীত কৰা হব।