ওহো নহ’ল! দেশৰ প্ৰথম ধনাঢ্য মুখ্যমন্ত্ৰী হিচাপে নাম নাহিল হিমন্ত বিশ্বৰ।পত্নীৰ সম্পত্তিৰ পাহাৰ থাকিলেও স্বামীৰ তালিকাত হিচাপ নহ’ল সেই সম্পদৰ তালিকা।
দেশৰ ৩১ গৰাকী মুখ্যমন্ত্ৰী কাৰ কাৰ কিমান সম্পত্তি তাৰ তথ্য পোহৰলৈ আহিছে। Association of Democratic Reforms চুমকৈ ADRৰে প্ৰকাশ কৰিছে দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সম্পত্তিৰ পৰিমাণ।
ADRৰে প্ৰকাশ কৰা তথ্যৰ মতে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু হৈছে দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী। এন চন্দ্ৰবাবু নাইডুৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৯৩১ কোটিৰো অধিক। তেওঁৰ পাছতে দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সম্পত্তিৰ পৰিমাণ হৈছে ৩৩২ কোটিৰো অধিক। এই দুগৰাকী হৈছে ভাৰতৰ বিলিয়নাৰ মুখ্যমন্ত্ৰী। তেওঁলোকৰ পিছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া ৫১ কোটিৰো অধিক সম্পত্তিৰে তালিকাত তৃতীয় স্থানত আছে।
আনহাতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী হৈছে দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী। মমতা বেনাৰ্জীৰ সম্পত্তিৰ পৰিমাণ হৈছে মাত্ৰ ১৫ লাখ টকা। তেওঁৰ পাছত দেশৰ দুখীয়া মুখ্যমন্ত্ৰী গৰাকী হৈছে জন্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুলা। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে মাত্ৰ ৫৫ লাখ টকা। কেৱল মাত্ৰ তেওঁলোক দুজনেই হৈছে দেশৰ লাখপতি মুখ্যমন্ত্ৰী। মুঠ ১.৮ কোটিৰ সম্পত্তিৰ পৰিমাণেৰে দুখীয়া মুখ্যমন্ত্ৰীৰ তৃতীয় স্থান কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন।
ইফালে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও হৈছে এজন কোটিপতি মুখ্যমন্ত্ৰী। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১৭ কোটি ২৭ লাখৰো অধিক। দেশৰ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত হিমন্ত বিশ্ব শৰ্মাৰ স্থান হৈছে নৱম।
ADRৰ প্ৰতিবেদন মতে প্ৰতিজন মুখ্যমন্ত্ৰীৰ গড় সম্পত্তি ৫২.৫৯ কোটি টকা । ভাৰতৰ জনমূৰি আয় বা এন এন আই ২০২৩-২০২৪ বৰ্ষত প্ৰায় ১,৮৫,৮৫৪ টকা হোৱাৰ বিপৰীতে এজন মুখ্যমন্ত্ৰীৰ গড় স্ব-আয় ১৩,৬৪,৩১০ টকা। যিটো ভাৰতৰ গড় জনমূৰি আয়ৰ প্ৰায় ৭.৩ গুণ। দেশৰ ৩১ গৰাকী মুখ্যমন্ত্ৰীৰ মুঠ সম্পত্তি ১৬৩০ কোটি টকা।
ইয়াৰ উপৰিও ১৩ গৰাকী মুখ্যমন্ত্ৰীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ঘোষণা কৰাৰ বিপৰীতে ১০ মুখ্যমন্ত্ৰীয়ে হত্যাৰ চেষ্টা, অপহৰণ, উৎকোচ, অপৰাধমূলক ভয়-ভাবুকিৰ সৈতে জড়িত গোচৰকে ধৰি গুৰুতৰ অপৰাধমূলক গোচৰ থকাৰ ঘোষণা কৰিছে বুলি প্ৰতিবেদনত কোৱা হৈছে।