NORTHEAST NOW (Assamese)

ভগৱান ৰামৰ অস্তিত্বৰ কোনো প্ৰমাণ নাই  : ডি এম কে নেতাৰ মন্তব্যত জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী শিবিৰ

August 3, 2024 8:40 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: August 3, 2024 7:43 pm

এই পৃথিৱীত ৰামৰ অস্তিত্বৰ কোনো প্ৰমাণ নাই – এই মন্তব্য দক্ষিণ ভাৰতৰ ডি এম কেৰ নেতা তথা তামিলনাডুৰ মন্ত্ৰী এছ এছ শিৱশংকৰৰ।

তামিলনাডুৰ মন্ত্ৰী এছ এছ শিৱশংকৰে কয় যে ভগৱান শ্ৰীৰামচন্দ্ৰৰ অস্তিত্বৰ কোনো ঐতিহাসিক প্ৰমাণ নাই।

তামিলনাদুৰ আৰিয়ালুৰ নামৰ ঠাইত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এই বিতিৰ্কিত মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী সংগঠন সমূহ।

তামিলনাডুৰ বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামলাই ৰাম বিকৃত ৰূপত উত্থাপন কৰা বুলি অভিযোগ উত্থাপন কৰে।

আন্নামলাই সামাজিক মাধ্যমত লিখিছে, কিছুদিন পূৰ্বে তেওঁলোকৰ আইন মন্ত্ৰী টি ৰঘুপতিয়ে কৈছিল, ভগৱান শ্ৰীৰাম সামাজিক ন্যায়ৰ এক আইকন। ধৰ্মনিৰপেক্ষতাৰ উৎস। আৰু ৰামে প্ৰথমে সকলোৰে বাবে সমতাৰ মনোভাৱ নিৰ্ধাৰণ কৰিছিল। আৰু তেওঁৰ কথাৰ কেইদিনমানৰ ভিতৰতে আন এজন মন্ত্ৰীয়ে কয় যে ৰামৰ অস্তিত্বৰ কোনো প্ৰমাণ নাই। ৰামৰ কাহিনী আচলতে চোল সাম্ৰাজ্যৰ গৌৰৱময় ইতিহাস মচি পেলোৱাৰ এক চক্ৰান্ত। দৰাচলতে ৰামচন্দ্ৰৰ প্ৰতি দলৰ প্ৰকৃত দৃষ্টিভংগী কি হ’ব লাগে সেইটো সিদ্ধান্ত তেওঁলোকে ল’ব পৰা নাই।

লগতে লিখিছে, এতিয়া দুয়োজন মন্ত্ৰীয়ে একেলগে বহি আলোচনা কৰক যে ৰামচন্দ্ৰ আচলতে আছিল নে নাই?

প্ৰসংগক্ৰমে প্ৰায় এবছৰৰ পূৰ্বে তামিল ক্ৰীড়া মন্ত্ৰী তথা মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়নিধি ষ্টেলিনে সনাতন ধৰ্ম মচি পেলোৱাৰ আহ্বান জনাইছিল। দীৰ্ঘদিন ধৰি এই বিষয়ে তীব্ৰ বিতৰ্ক চলিছিল। বিষয়টো গৈ পাইছিলগৈ আদালতৰ মজিয়া।  তেওঁ সনাতন ধৰ্মক ডেংগু, মেলেৰিয়াৰ দৰে সংক্ৰামক ৰোগ বুলি অভিহিত কৰিছিল।

এইবাৰ আকৌ তামিল মন্ত্ৰীগৰাকীয়ে ৰাম সন্দৰ্ভত কৰা মন্তব্যই ধৰ্মৰ লগতে ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছে।

Related News