NORTHEAST NOW (Assamese)

লোকসভা নির্বাচনৰ বাবে ভোটগ্ৰহণৰ দিনা স্থানীয় বন্ধ ঘোষণা

March 29, 2019 7:23 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

 

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অহা ১১ এপ্ৰিলত ৰাজ্যখনৰ ১২ খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। সেইদৰে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবেও সংশ্লিষ্ট জিলাসমূহত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। এন আই এক্টৰ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে।

সেইদিনা সকলোবোৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, সকলো শিক্ষানুষ্ঠান, বেংকৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ থাকিব।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ১১ এপ্ৰিলত বিশ্বনাথ, চৰাইদেউ, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলা বন্ধ থাকিব।

লোকসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হ’বলগীয়া ১৮ এপ্ৰিলত সেইদৰে     কাছাৰ, দৰং, ডিমা হাছাও, হাইলাকান্দি, হোজাই, কামৰূপ, কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, নলবাৰী, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলঙত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।

একেদৰে, অহা ২৩ এপ্ৰিলত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে বাক্সা, বৰপেটা, কামৰূপ, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, দক্ষিণ শালমাৰা, কামৰূপ (মহানগৰ), কোকৰাঝাৰ আৰু ধুবুৰী জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।

লোকসভাৰ নিৰ্বাচনত নাগৰিকসকলে ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ সাৱ্যস্ত কৰাত সুবিধা প্ৰদানৰ বাবে থকা আইনী ব্যৱস্থাৰ অধীনত এই স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।

Related News