নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰচাৰ অভিযান জোৰদাৰ কৰি তোলাৰ সময়তে বিজেপি নেতৃত্বাধীন ত্ৰিপুৰাত বৃদ্ধি পাইছে নিৰ্বাচনী হিংসাত্মক কাৰ্যকলাপ।
বৃহস্পতিবাৰে ৰাজ্যখনৰ পশ্চিম ত্ৰিপুৰা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুবল ভৌমিক আৰু চি পি আই এমৰ প্ৰাৰ্থী শংকৰ প্ৰচা দত্তক প্ৰচাৰ চলোৱাৰ সময়ত বিজেপি সমৰ্থকে শাৰিৰীকভাৱে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দুয়োটা দলে।
জানিব পৰা মতে বিজেপিৰ গুণ্ডাবাহিনীয়ে কংগ্ৰেছ প্ৰাৰ্থী সুবল ভৌমিকৰ গাড়ীত প্ৰথমে উদয়পুৰত আৰু পাছত মেলাঘৰত আক্ৰমণ কৰাৰ অভিযোগ তুলি প্ৰাৰ্থীগৰাকীৰ উপস্থিতিত কংগ্ৰেছ দলে আগৰতলাত পথ অৱৰোধ কৰে।
পথ অৱৰোধৰ সময়ত কংগ্ৰেছ কৰ্মীসকলে প্ৰধান মন্ত্ৰী মোদী, মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
আনহাতে চি পি আই এম প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ শংকৰ প্ৰচা দত্তই চোনামূৰাত প্ৰচাৰ চলোৱাৰ সময়ত বিজেপিৰ ভেৰোণীয়া গুণ্ডা বাহিনীয়ে তেওঁৰ বাহনত বেয়াকৈ আক্ৰমণ কৰে। এই আক্ৰমণত তেওঁৰ কোনো ক্ষতি হোৱা নাই যদিও বাহনখন বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয়। সাংসদগৰাকীৰ উপৰি এজন প্ৰাক্তন বিধায়কৰ বাহনতো বিজেপি বাহিনীয়ে আক্ৰমণ কৰে।
এই ঘটনা সংঘটিত হোৱাৰ পাছতে সাংসদজনৰ নেতৃত্বত চি পি আই এমৰ এটা সজাঁতি দলে আৰক্ষী নিৰীক্ষক ধৰ্মেন্দ্ৰ সিঙক সাক্ষাৎ কৰি ৰাজ্যখনৰ আইন-শৃংখলা সূচাৰূৰুপে কাৰ্যকৰী কৰাৰ লগতে নিৰ্বাচনত যাতে সৰ্বসাধাৰণ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰাত কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনায়।