ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ এই ১১ গৰাকী ব্যক্তিয়ে আগবঢ়াইছে সৰ্বাধিক ধন

চীনৰ পৰা সম্প্ৰসাৰিত হোৱা ক’ৰ’না ভাইৰাছ এতিয়া সমগ্ৰ বিশ্ববাসীৰ বাবে উদ্বেগৰ বিষয় হৈ পৰিছে। ভাইৰাছবিধৰ ফলত এই পৰ্যন্ত ৪৮ লাখৰো অধিক লোক সংক্ৰমিত হোৱাৰ লগতে মৃত্যুৰ সংখ্যা ৩ লাখ অতিক্ৰম কৰিছে।

ভাইৰাছৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে এতিয়া প্ৰায়বোৰ দেশতে আৰ্থিক সংকটৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। কিন্তু এই সংকটৰ সময়তো ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ তথা সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু লোক।

এই বাতৰিটোৰ জৰিয়তে আমি আপোনালোকক জনাম বিশ্বৰ ১১ গৰাকী এনে ব্যক্তি যিয়ে সৰ্বাধিক মাত্ৰাত বৰঙনি আগবঢ়াইছে।

জেক ডৰ্চি : ট’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰৰ চি ই অ’ ডৰ্চিয়ে ক’ৰ’না আক্ৰান্ত লোকৰ সহায়ৰ বাবে নিজৰ সম্পত্তিৰ ২৮ শতাংশ অৰ্থা ১ বিলিয়ন ডলাৰ (৭৫০০ কোটি টকা) প্ৰদান কৰিছে।

বিল এণ্ড মেলিণ্ডা : বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সহ-অধ্যক্ষ। এই ফাউণ্ডেশ্যনটোৱে ২২৫ মিলিয়ন ডলাৰ অৰ্থা ১৮০০ কোটি টকা আগবঢ়াইছিল।

টাটা ট্ৰাষ্ট/টাটা ছনছ : মহামাৰী ক’ৰ’নাই সৃষ্টি কৰা এই সংকটৰ সময়ত টাটা গ্ৰুপে ১৫০০ কোটি টকা প্ৰদান কৰিছে।

এন্দ্ৰিউ ফৰেষ্ট : অষ্ট্ৰেলিয়াৰ আৰবপতি এন্দ্ৰিউ ফৰেষ্টে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আগবঢ়াইছে ১০০ মিলিয়ন ডলাৰ।

আজীম প্ৰেমজী : ক’ৰ২না বিৰোধী যুঁজখনলৈ প্ৰেমজীয়ে ১৩২ মিলিয়ন ডলাৰ আগবঢ়াইছে। ভাৰতত সৰ্বাধিক পৰিমানৰ আৰ্থিক সাহায্য আগবঢ়োৱা ব্যক্তিজনেই হৈছে প্ৰেমজী।

জৰ্জ ছোৰেছ : আমেৰিকাৰ এইগৰাকী আৰবপতিয়ে আগবঢ়াইছে ১৩০ মিলিয়ন ডলাৰ।

জেফ বেজ’ছ : এমাজনৰ সংস্থাপক বেজ’ছে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সহায়ৰ বাবে ১০০ মিলিয়ন ডলাৰ আগবঢ়াইছে। উল্লেখ্য যে জেফ বেজ’ছ হৈছে বিশ্বৰ এক নম্বৰ ধনী ব্যক্তি।

মাইকেল ডেল : ডেল টেকন’ল’জিৰ অধ্যক্ষ মাইকেল ডেলে আগবঢ়াইছে ১০০ মিলিয়ন ডলাৰ।

জেফৰি স্কল : স্কল ফাউণ্ডেশ্যনৰ অধ্যক্ষ জেফৰি স্কলে ১০০ মিলিয়ন প্ৰদান কৰিছে।

মাইকেল ব্লুমবৰ্গ : মাইকেল ব্লুমবৰ্গে ৭৪.৫ মিলিয়ন ডলাৰ সহায় হিচাপে আগবঢ়াইছে।

লীন এণ্ড ষ্টেছি : ষ্টেছিয়ে ৭০ মিলিয়ন ডলাৰ আগবঢ়োৱা বুলি জানিব পৰা যায়।

উল্লেখ্য যে এই সংকটৰ সময়ত নিজৰ নিজৰ মহানুভৱতা আৰু সমাজৰ প্ৰতি থকা দায়িত্ববোধৰ পৰিচয় দাঙি ধৰি বৃহৎ পৰিমানৰ আৰ্থিক অনুদানেৰে সহায় আগবঢ়োৱা বাবে সকলোৱে ধন্যবাদ জনায়।