মাহেকীয়াৰ সময়ত কেতিয়াও নকৰিব এইকেইটা ভুল : অন্যথা হ’ব পাৰে মাৰাত্মক ক্ষতি

এটা নিৰ্দিষ্ট বয়সৰ পিছত প্ৰতিমাহে ঋতুস্ৰাৱ বা মাহেকীয়া হোৱাটো এক প্ৰাকৃতিক প্ৰক্ৰিয়া। এই সময়ছোৱাত মহিলাসকলে মানসিক অস্থিৰতা, কঁকালৰ বিষ, পেটৰ তলৰ অংশত বিষ, পেশীৰ জঠৰতা অনুভৱ কৰে।

মাহেকীয়াৰ সময়ত কঁকালৰ তলৰ অংশৰ বিষ অতি স্বাভাৱিক। কিছুমান সহজ প্ৰতিকাৰৰ দ্বাৰা এই সমস্যাসমূহ দূৰ কৰিব পাৰি। কিন্তু মাহেকীয়াৰ সময়ত কৰা কিছুমান ভুলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

মহিলাসকলে মাহেকীয়াৰ সময়ছোৱাত তিনিৰ পৰা চাৰিদিনলৈ অতি সাৱধান হ’ব লাগে। এই সময়ছোৱাত খোৱা-বোৱা খোৱাৰ পৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে।

মাহেকীয়াৰ সময়ত কি কি ভুলৰ পৰা আঁতৰি থাকিব লাগে জানি লও আহক

মাহেকীয়াৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। যদি আপুনি মাহেকীয়াৰ সময়ত পেড বা টেম্পন ব্যৱহাৰ কৰে তেন্তে সম্পূৰ্ণ তিতি নগ’লেও প্ৰতি ৬ ঘণ্টাৰ মূৰে মূৰে সলনি কৰিব লাগে। বিশেষকৈ গ্ৰীষ্মকালত এই কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। অন্যথা যোনিৰ সংক্ৰমণ হ’ব পাৰে।

মাহেকীয়াৰ সময়ত সঘনাই বাথৰুমলৈ যোৱাৰ পৰা হাত সাৰিবলৈ বহুতে কম পানী খায়। কিন্তু, ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে। প্ৰচুৰ পৰিমাণে পানী খালে পেটৰ তলৰ অংশৰ বিষৰ পৰা আৰম্ভ কৰি পেশীৰ বিষলৈকে সকলো সমস্যা হ্ৰাস পাব পাৰে। গতিকে শৰীৰক সজীৱ কৰি ৰখাটো জৰুৰী।

মাহেকীয়াৰ সময়ত খাদ্যৰ যত্ন ল’ব লাগে। এই সময়ছোৱাত দুৰ্বলতা, ক্লান্তি অনুভৱ হয়। যাৰ বাবে শৰীৰক অতিৰিক্ত পুষ্টিকৰ উপাদানৰো প্ৰয়োজন হয়। গতিকে এই সময়ত ফল-মূল, শাক-পাচলি আৰু শুকান ফল-মূল যথেষ্ট পৰিমাণে খাব লাগে। এই সময়ত বেছিকৈ ভজা খাদ্য, জাংক ফুড, শীতল পানীয় পৰিহাৰ কৰাটো ভাল, নহ’লে পেটৰ সমস্যা হ’ব পাৰে।

বহুতে মাহেকীয়াৰ সময়ত ব্যায়াম নকৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে, গধুৰ ব্যায়াম নকৰাকৈ পিৰিয়ডৰ সময়ত লঘু ব্যায়াম  কৰিব পাৰি। এই সময়ছোৱাত বেছিকৈ ব্যায়াম কৰিলে পেটৰ তলৰ অংশত অতিৰিক্ত বিষ হ’ব পাৰে।

বহুতে পিৰিয়ডৰ দুৰ্গন্ধৰ পৰা হাত সাৰিবলৈ ডিঅ’ ব্যৱহাৰ কৰে। কিন্তু, ইয়াক এৰাই চলিব লাগে। কাৰণ এই সামগ্ৰীসমূহত উপস্থিত ৰাসায়নিক পদাৰ্থৰ ফলত যোনিৰ পি এইচ স্তৰৰ অৱনতি ঘটিব পাৰে। ইয়াৰ ফলত ছালৰ বিষ হোৱাৰ লগতে সংক্ৰমণো হ’ব পাৰে।