বিয়াৰ পূৰ্বে কইনাই গুগুলত বৰকৈ সন্ধান কৰা প্ৰশ্নকেইটা
বিবাহ হৈছে এক পবিত্ৰ বান্ধোন আৰু সমাজৰ নীতি–নিয়ম অনুযায়ী দুজন মানুহৰ মাজত মিলনৰ এক প্ৰক্ৰিয়া। কিন্তু বিয়াৰ পিছত যিকোনো ব্যক্তিৰ জীৱনত হঠাতে এটা ডাঙৰ পৰিৱৰ্তন ঘটে। বিশেষকৈ এগৰাকী নাৰী বা ছোৱালীৰ জীৱনটো সম্পূৰ্ণ সলনি হৈ পৰে বিয়াৰ পিছত।
বিবাহৰ কথা উলালেই ছোৱালীবোৰৰ মনত এটা বিশেষ ভয় সোমাই যায়। এনে পৰিস্থিতিত বহু সময়ত গাভৰুসকলে বিয়াৰ আগতে গুগলৰ পৰা কিছুমান কথা জানিবলৈ খোজে
বিয়াৰ পূৰ্বে কইনাই বৰকৈ কি সন্ধান কৰে গুগুলত :
১) বিয়াৰ আগতে নাৰীসকল সাংঘাটিক অস্থিৰ আৰু উত্তেজিত হৈ পৰে। সেয়ে বিয়াৰ পূৰ্বে খৰখেদাকৈ গুগলত বহুতো কথা বিচাৰি উলিয়ায়। বিয়াৰ আগতে ছোৱালীয়ে কাপোৰৰ বাবে গুগলত প্ৰচণ্ড সন্ধান কৰে। ইয়াৰ উপৰিও ছোৱালীয়ে বিয়াৰ পিছৰ কাপোৰ কেনেকুৱা হ’ব লাগে সেই বিষয়েও চাৰ্জ কৰে। কিয়নো বিয়াৰ পিছত মহিলা সকলৰ সাজ–পোছাকলৈ ডাঙৰ পৰিৱৰ্তন আহে।
২) বিয়া কৰাবলৈ উপযুক্ত বয়স কি হোৱা উচিত সেই বিষয়েও বাৰে বাৰে সন্ধান কৰে তেওঁলোকে। সাধাৰণতে নাৰীসকল নিজৰ বিবাহক লৈ বৰ উৎসাহিত হয় আৰু তাৰ বাহিৰেও তেওঁলোকৰ মনত এটা বেলেগ ভয় থাকে। বিয়াৰ আগতে ছোৱালীয়ে নিজকে এই প্ৰশ্ন কৰে যে এতিয়াই বিয়া পাতিবলৈ খৰখেদা কৰিছে নেকি। গতিকে গুগুলত সন্ধান কৰে বিয়াৰ উপযুক্ত বয়সৰ বিষয়ে।
৩) স্বামীক কেনেকৈ সুখী কৰি ৰাখিব পাৰি? বিয়াৰ আগতে ছোৱালীবোৰে প্ৰায়ে চিন্তা কৰে যে নতুন ঘৰলৈ যোৱাৰ পিছত কেনে অনুভৱ হ’ব। নতুন ঘৰটোত নিজকে গঢ় দিব পাৰিবনে? সেইবাবেই তেওঁলোকে বিয়াৰ পিছত স্বামীক কেনেকৈ সুখী কৰি ৰাখিব পাৰি সেই বিষয়ে গুগলৰ পৰা উপায় বিচাৰে। লগতে ছোৱালীয়ে গুগলত শাহুৱেকক সন্তুষ্ট কেনেকৈ কৰিব পাৰি সেই বিষয়েও প্ৰশ্ন কৰে।