এক ভয়ানক বিপদৰ পৰা যেন কথমপি ৰক্ষা পৰিল দেশৰ ৰাজধানী দিল্লী।
বুধবাৰে উত্তৰ দিল্লীৰ নাৰেলা ঔদ্যোগিক অঞ্চলৰ মেট্ৰ’ বিহাৰ চ’কীৰ পৰা দিল্লী আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১০ টাকৈ সক্ৰিয় বোমা।
ইতিমধ্যে ঘটনা সন্দৰ্ভত দিলীপ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। আৰক্ষীৰ মতে, দিলীপে এটা নলাৰ কাষত লুকুৱাই ৰাখিছিল উদ্ধাৰ হোৱা বোমাকেইটা।
উত্তৰ দিল্লীৰ ডিচিপি ৰবি কুমাৰ সিঙে কয় যে দিলীপক সহযোগ কৰা কাশীৰাম নামৰ এজন সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে দিল্লী আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। কাশীৰামক বিচাৰি মধ্যপ্ৰদেশলৈ ৰাওনা হৈছে দিল্লী আৰক্ষীৰ এটা দল। গোটেই ঘটনা সন্দৰ্ভত যুদ্ধকালীন তদন্ত অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে।
উল্লেখ্য আজি পুৱা দিল্লীৰ এখন বিদ্যালয়ে ইমেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰে। এই ভাবুকি লাভ কৰাৰ পিছতেই বিদ্যালয়খনৰ সকলো ছাত্ৰ–ছাত্ৰীক বিদ্যালয় খনৰ পৰা স্থানান্তৰিত কৰা হয়।
আৰক্ষীয়ে জনোৱা মতে, আজি পুৱা সাদিক নগৰৰ ইণ্ডিয়ান পাব্লিক স্কুললৈ এটা ইমেইল প্ৰেৰণ কৰি ইয়াৰ চৌহদত বোমা সংস্থাপন কৰি ৰখা বুলি দাবী কৰে দুষ্কৃতিকাৰীয়ে।





