NORTHEAST NOW (Assamese)

ফেটি লিভাৰক লৈ চিন্তিত নেকি? এইসমূহ খাদ্য দ্ৰব্যই দূৰ কৰিব পাৰে আপোনাৰ চিন্তা

January 29, 2024 8:47 pm · এন ই নাও নিউজ, গুৱাহাটী

সাম্প্ৰতিক সময়ত অপৰিকল্পিত তথা অনিয়মীয়া জীৱন প্ৰণালীৰ বাবে বহু লোক ফেটি লিভাৰৰ সমস্যাত ভোগা পৰিলক্ষিত হয়। এই সমস্যাই বাৰুকৈয়ে ভাৰাক্ৰান্ত কৰি তোলে আক্ৰান্তগৰাকীক।

প্ৰয়োজনীয় চিকিৎসা নকৰিলে বা এই ষমস্যাক উলাই কৰিলে ই অধিক গুৰুতৰ অৱস্থা যেনে লিভাৰ ফাইব্ৰ’ছিছ, চিৰ’ছিছ, আনকি লিভাৰ বিকল কৰি তুলিব পৰা অৱস্থালৈ আগবাঢ়িব পাৰে।

সঠিক খাদ্য গ্ৰহণ ফেটি লিভাৰ নিয়ন্ত্ৰণৰ এক অপৰিহাৰ্য দিশ। কেৱল খাদ্যই এই অৱস্থা সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰিলেও ইয়াৰ ফলত ফেটি লিভাৰ অধিক হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে।

ফেটি লিভাৰ প্ৰতিৰোধ আৰু নিৰাময় কৰাত সহায়ক হোৱা এনে কিছু খাদ্যৰ বিষয়ে জানো আহকঃ

১/ হালধি

হালধিত থকা সক্ৰিয় যৌগ কাৰকুমিনৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে। ই লিভাৰত প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু অতিৰিক্ত চৰ্বি জমা হোৱাত বাধা দিব পাৰে।

২/ নহৰু

নহৰুত এলিচিন আৰু চেলেনিয়ামৰ দৰে যৌগ থাকে, যিয়ে যকৃতক অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰে, অপকাৰী দ্ৰব্য নিৰ্গতকৰণ প্ৰক্ৰিয়াত সহায় কৰে, আৰু যকৃতৰ এনজাইমৰ মাত্ৰা কমায়।

৩/ গ্ৰীণ টি

গ্ৰীণ টিত থকা এন্টিঅক্সিডেন্ট বিশেষকৈ কেটেচিনে যকৃতত চৰ্বি জমা হোৱাত বাধা দিব পাৰে আৰু যকৃতত ঘাঁ লগাৰ পৰা ৰক্ষা কৰিব পাৰে।

৪/ বিট

বিটত থকা বিটেইন নামৰ যৌগবিধে যকৃতৰ কাৰ্যপ্ৰণালীত সহায় কৰে আৰু যকৃতত অতিৰিক্ত চৰ্বি জমা হোৱাত বাধা দিব পাৰে। ইয়াৰ উপৰিও ইয়াত এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থাকে, যি অপকাৰী দ্ৰব্য নিৰ্গতকৰণ আৰু পাচনত সহায় কৰে।

৫/ আদা

আদাৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে আৰু ই যকৃতৰ প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ই হজম শক্তিক সহায় কৰে আৰু শৰীৰে পুষ্টিকৰ উপাদানসমূহ ভালদৰে শোষণ কৰাত সহায় কৰে, যাৰ ফলত যকৃতৰ সামগ্ৰিক স্বাস্থ্য বৃদ্ধি পায়।

৬/ নেমু

নেমুৱে পিত্ত উৎপাদন উন্নত কৰি যকৃত পৰিষ্কাৰ কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত ভিটামিন চি থাকে, যি যকৃতক সুৰক্ষা প্ৰদান কৰে আৰু বিষমুক্ত এনজাইম সংশ্লেষণত সহায় কৰে।

Related News