NORTHEAST NOW (Assamese)

এই কেইটা কথা ভুলতেও আপোনাৰ কন্যা সন্তানক কোৱা উচিত নহয়! জানি লওক অভিভাৱকসকলে

December 13, 2024 8:10 am · এন ই নাও নিউজ, গুৱাহাটী

প্ৰতিজন পিতৃ-মাতৃয়ে নিজৰ সন্তানক এটা ভাল জীৱন দিব বিচাৰে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। কিছুমান কথা অৱশ্যে সৰুৰে পৰাই শিকোৱা উচিত, কিন্তু কিছুমান কথা আছে যিবোৰ ভুলতেও তেওঁলোকক কোৱা উচিত নহয়।

এইটো ছোৱালীৰ কাম নহয়… কাম লিংগৰ ভিত্তিত ভাগ কৰা উচিত নহয়। প্ৰত্যেককে নিজৰ ভালপোৱা পছন্দৰ কাম কৰিবলৈ সুযোগ দিয়া উচিত।

ছোৱালীসকলৰ ওজন… ছোৱালীসকলক তেওঁলোকৰ ওজনক লৈ জোকাব নালাগে। স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ বিষয়ে কওক।

ছোৱালীবোৰপোছাক... ছোৱালীৰ জিন্স, চাৰ্ট পিন্ধাটো অপৰাধ নহয়। তেওঁলোকক নিজৰ পছন্দৰ কাপোৰ পিন্ধাৰ স্বাধীনতা দিয়া উচিত। ছোৱালীবোৰক নিজৰ মনৰ কথা ক’বলৈ দিয়ক।

জোৰেৰে হঁহা… ছোৱালীয়ে ডাঙৰকৈ হাঁহিলে… বহুতে ভাবে যে ই এটা ডাঙৰ ভুল। তেওঁলোকে বিচৰা মতে হাঁহিবলৈ দিয়ক।

Related News