• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজ নিশা হাস্পাতালত ভয়ংকৰ অগ্নিকাণ্ড; ৩০ জন ৰোগীক উদ্ধাৰ, ৬জনৰ কৰুণ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2024 8:49 am
140
VIEWS
Share on FacebookShare on Twitter

তামিলনাডুৰ এখন চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কমেও ৬ জন লোকে প্ৰাণ হেৰুৱাইছে। মৃতসকলৰ ভিতৰত এটা শিশুও থকাৰ খবৰ পোৱা গৈছে। বৃহস্পতিবাৰে মাজ নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

চিকিৎসালয়খনত অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয়। তাৰপিছতে আৰম্ভ হয় জুই নিৰ্বাপনৰ কাম। কিন্তু শেষত ৬ জনৰ জীৱন ৰক্ষা কৰাটো সম্ভৱ নহ’ল।

খবৰ অনুসৰি অগ্নিকাণ্ড সংঘটিত হোৱা চিকিৎসালয়খনৰ নাম-চিটি হাস্পতাল। এইখন মধ্য তামিলনাডুৰ ডিণ্ডিগুল চহৰৰ ত্ৰিচি ৰোডত অৱস্থিত।

জানিব পৰা মতে, উদ্ধাৰ অভিযানৰ সময়ত চিকিৎসালয়খনৰ লিফটত ৬ জন লোকক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। পিছত তেওঁলোকক লগে লগে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাতেই তেওঁলোকক মৃত ঘোষণা কৰে।

লগতে পঢ়কঃ ধৰ্মীয় উপাসনাস্থলীৰ বিৰুদ্ধে তৰিব নোৱাৰিব কোনো গোচৰ – ছুপ্ৰীম কোৰ্ট

খবৰ অনুসৰি শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰাত ৬ জন লোকৰ মৃত্যু হৈছে। কিন্তু ইয়াৰ মাজতে অগ্নিনিৰ্বাপক বাহিনীয়ে সেই চিকিৎসালয়ৰ পৰা ৩০ জন ৰোগীক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা ৰোগীক তাৰ পৰা লৈ চৰকাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে এই ৰোগীসকলক উদ্ধাৰ কৰাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে লিফ্টত থকা ৬ জন লোকক উদ্ধাৰ কৰে।

এই কাণ্ড সন্দৰ্ভত ডিণ্ডিগুল জিলাৰ উপায়ুক্ত এম এন পুংগোডিয়ে সংবাদ সংস্থাক জনায় যে, ‘অগ্নিকাণ্ড সংঘটিত চিকিৎসালয়খনৰ পৰা ৰোগীক উদ্ধাৰ কৰি আন এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।’ ইফালে, আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হ’ব পাৰে।

এই অগ্নিকাণ্ডৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দেখা গৈছে চিকিৎসালয়খনৰ খিৰিকীৰে জুইৰ শিখা ওলাই আহিছে। ক’লা ধোঁৱাও ওলাই আহিছে চিকিৎসালয়ৰ পৰা। সেই ক’লা ধোঁৱাই গোটেই অঞ্চলটোৰ আকাশখন আৱৰি ধৰিছিল। ইয়াৰ মাজতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰি থাকে আৰু জুই নিয়ন্ত্ৰণলৈ অনা হয়। ইফালে চিকিৎসালয়ত আবদ্ধ হৈ থকা ৰোগীসকলকো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে বহু পলমকৈ লিফটত থকা ৬জন লোকক উদ্ধাৰকাৰীয়ে লক্ষ্য কৰে।

লগতে পঢ়কঃ এই কেইটা কথা ভুলতেও আপোনাৰ কন্যা সন্তানক কোৱা উচিত নহয়! জানি লওক অভিভাৱকসকলে

ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ ঝান্সীৰ মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতক আই চি ইউ শাখাত অগ্নিকাণ্ড সংঘটিত হৈছিল। সেই অগ্নিকাণ্ডত কমেও ১১টা নৱজাতকৰ মৃত্যু হৈছিল। লগতে এই অগ্নিকাণ্ডত ১৬ জন লোক আহত হৈছিল। ঘটনাৰ সময়ত মৃত কেঁচুৱাকেইটা ইনকিউবেটৰত আছিল। জানিব পৰা মতে, অগ্নিকাণ্ডৰ সময়ত সেই ৱাৰ্ডত মুঠ ৪৭ টা শিশু ভৰ্তি হৈ আছিল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd