NORTHEAST NOW (Assamese)

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 15, 2026 9:17 pm

ৰাম মন্দিৰৰ অনুদান চুৰি হোৱা ঘটনাক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰ পৃষ্ঠপোষকতাত এই চুৰি কাৰ্য সংঘটিত হৈছে, কি কি সামগ্ৰী চুৰি হৈছে আৰু চুৰি হোৱা ধন ক’লৈ গ’ল, সেই সকলোবোৰক লৈ সৃষ্টি হৈছে ৰহস্যৰ। ইয়াৰ মাজতে উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ সতীশ মহানাই এক বিতৰ্কিত মন্তব্য কৰিছে। চুৰিকাৰ্যত জড়িত থকাসকলৰ হৈ মাত মাতি তেওঁ কয় যে যিসকলে উদাৰ মনেৰে দান দিয়া নাছিল, তেওঁলোকৰ হে অনুদান চুৰি হোৱা বুলি ভাবিছে।

সাংবাদিকৰ আগত সতীশ মহানাই স্পষ্টকৈ কয় যে যিসকলে ৰাম মন্দিৰৰ অনুদান চুৰি হোৱা বুলি ভাবিছে, আচলতে তেওঁলোকৰ ভক্তিৰ অভাৱ। ভক্তিৰে দান নিদিয়াৰ বাবেই হয়তো তেওঁলোকৰ মনত দান চুৰি হোৱা বুলি ধাৰণা হৈছে। দানৰ ধন মন্দিৰৰ কামত ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া আপোনালোকে যি মন্দিৰ দেখিছে সেয়া সেই দানৰ ধনেৰেই নিৰ্মাণ কৰা হৈছে। এই মন্তব্যক অধিক সমৰ্থন কৰি তেওঁ কয় যে অনুদান দিয়াৰ পিছত কোনোবাই সেই ধন ঘূৰাই বিচাৰে নেকি? ভগৱানৰ চৰণত যি সামান্য অৰ্পণ কৰা হৈছে, সেয়াই মন্দিৰৰ বাবে এক ক্ষুদ্ৰ অৱদান।

অধ্যক্ষগৰাকীৰ এনে মন্তব্যই ভক্তসকলৰ দানক অপমান কৰা বুলি বহুতেই ক্ষোভ প্ৰকাশ কৰিছে। মহানাই লগতে কয় যে যদি কোনোবাই ৰাম মন্দিৰত দিয়া দান ঘূৰাই বিচাৰে বা তেওঁলোকৰ অনুদান চুৰি হোৱা বুলি ভাবে, তেন্তে চৰকাৰ আৰু ট্ৰাষ্টে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু ৰাম জন্মভূমি আন্দোলনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এটা সংস্থাত চোৰ আছে, এই ধাৰণা কোনো কাৰণতে সহ্য কৰা নহ’ব।

উল্লেখযোগ্য যে, ৰাম মন্দিৰৰ চুৰিৰ ঘটনাত আৰক্ষীয়ে ইতিমধ্যে ৩ জন অভিযুক্তক জিম্মাত লৈছে। তেওঁলোকক জেৰা কৰাৰ পিছত পোহৰলৈ আহিছে এটাৰ পিছত আনটো চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ জেৰাত কৰুণেশ পাণ্ডে, লৱকুশ তিৱাৰী আৰু অনুকল্প মিশ্ৰ নামৰ তিনি অভিযুক্তই দাবী কৰিছে যে মন্দিৰত দানৰ ধন প্ৰথমে চুৰি কৰিবলৈ আৰম্ভ কৰিছিল অবিনাশ শুক্লা নামৰ এজন ব্যক্তিয়ে। প্ৰথম অৱস্থাত দিনে ২০০০ টকা চুৰি কৰিছিল। পিছলৈ তেওঁলোকে চুৰি কাৰ্য চলাবলৈ এটা দল গঠন কৰে আৰু চুৰিৰ পৰিমাণ দিনে ৩ লাখ টকালৈ বৃদ্ধি পায়। আৰম্ভণিতে এই চুৰিৰ লগত মাত্ৰ ২ জন লোক জড়িত আছিল যদিও পিছলৈ আন লোকসকলকো দলত অন্তৰ্ভুক্ত কৰা হৈছিল। মন্দিৰৰ ধন গণনা কৰাৰ পিছত কাৰো দেহ তন্ন তন্নকৈ পৰীক্ষা নকৰাৰ সুযোগ লৈ অভিযুক্তসকলে অতি সহজেই চুৰি কাৰ্য সংঘটিত কৰিছিল।

 

Related News