প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেইবাজনো বিজেপি নেতাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে চিপিআইএম-এ।
বিজেপিৰ শীৰ্ষ নেতাসকলে কৰা ‘সাম্প্ৰদায়িক’মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ বাঁও দলটোৱে আয়োগক অনুৰোধ জনাইছে।
নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে চিপিআইএম-এ।
দলটোৱে দাবী কৰিছে যে ঝাৰখণ্ডত প্ৰচাৰ চলাওঁতে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সাম্প্ৰদায়িক বক্তব্য দিছিল।
এক বিবৃতিত চিপিআইএম-এ কয় যে প্ৰধানমন্ত্ৰীয়ে মুছলমান সম্প্ৰদায়ৰ জনসাধাৰণক ‘অনুপ্ৰৱেশকাৰী’বুলি পোনপটীয়াকৈ আক্ৰমণ কৰে। দেশৰ প্ৰধানমন্ত্ৰী হৈ তেওঁ এনে মন্তব্য দিব নোৱাৰে। ই সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিব নোৱাৰে। নিৰ্বাচন আয়োগে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
এনে বক্তব্যৰ পিছতো নিৰ্বাচন আয়োগে ছুও মটু জাননী জাৰি নকৰাটো দুখজনক বুলিও দলটোৱে অৱগত কৰে।
মন কৰিবলগীয়া যে নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি ঝাৰখণ্ডৰ ৮১টা সমষ্টিত দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১৩ নৱেম্বৰত ৪৩টা সমষ্টিত আৰু ২০ নৱেম্বৰত ৩৮টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। ২৩ নৱেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।