NORTHEAST NOW (Assamese)

মৰেল পুলিচ! প্ৰেমিক-প্ৰেমিকা বুলি গছত বান্ধি কোবালে ভাতৃ-ভগ্নীক

April 10, 2023 8:08 am · এন ই নাও নিউজ, গুৱাহাটী

মৰেল পুলিচিঙত যেন বিশ্বৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিব ভাৰতে। এহাল ল’ৰাছোৱালীক একেলগে দেখিলে যেন সন্ত্ৰাসবাদী দেখা দি দেখে একাংশ নাগৰিকে।

এইবাৰ মৰেল পুলিচিঙৰ অত্যাচাৰৰ বলি হ’ল এহাল ভাতৃভগ্নী।

অভিযোগ অনুসৰি, মধ্যপ্ৰদেশৰ ঝাৰিখেৰা জিলাত এজন ভাতৃয়ে বহু দিনৰ মূৰত লগ কৰিবলৈ গৈছিল নিজৰ ভগ্নীক। ভাতৃয়ে লগ কৰিবলৈ যোৱাৰ সময়ত ঘৰত অকলে আছিল ভগ্নী। বহু দিনৰ মূৰত লগ পাই আলাপত ব্যস্ত হৈ পৰিল দুয়ো।

পিছে এজন পুৰুষ আৰু এগৰাকী মহিলা অকলে ঘৰৰ ভিতৰত সোমাই থকা দেখি গা জ্বলি একাংশৰ। উন্মাদ ৰাইজে ঘৰৰ ভিতৰৰ পৰা চোঁচেৰাই লৈ আনিলে দুয়োকে। ভাতৃভগ্নীৰ কাতৰ প্ৰাৰ্থনালৈ কাণ নিদিলে উন্মত্ত মৰেল পুলিচ সকলে। গছত বান্ধি লৈ দুয়োকে প্ৰহাৰ কৰিলে তেওঁলোকক।

খান্দাবা জিলাৰ আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ শুক্লাই দেওবাৰে সংবাদ মাধ্যমৰ আগত কয় যে শুকুৰবাৰে সন্ধিয়া ঝাৰিখেৰা গাঁৱৰ বাসিন্দা জ্ঞানলালে ভগ্নীক লগ কৰিবলৈ গৈছিল। ভগ্নী কালাৱতী সেই সময়ত ঘৰত অকলে আছিল। অভিযোগ অনুসৰি দুয়োজনে কথা পাতি থকাৰ সময়তে ৰামদাস মাংটু, দয়াৰাম টিকাৰম আৰু ঈশ্বৰ ওৰফে হানুৱে জোৰকৈ ঘৰৰ ভিতৰলৈ সোমাই যায়। ইয়াৰ পিছত জ্ঞানলাল আৰু তেওঁৰ ভগ্নী কালাৱতীক ঘৰৰ ভিতৰৰ পৰা টানি আনি গছত বান্ধি বেয়াকৈ প্ৰহাৰ কৰে।

গাঁওবাসীৰ অত্যাচাৰৰ খবৰ পাই কালাৱতীৰ স্বামীয়ে এজন অভিযুক্তক ফোন কৰে। কালাৱতীৰ স্বামীয়ে ফোনযোগে জনাই যে প্ৰেমিক বুলি প্ৰহাৰ কৰা ব্যক্তিজন তেওঁৰ পত্নীৰ ভাতৃ।

তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে জ্ঞানলাল আৰু তেওঁৰ ভগ্নীক উদ্ধাৰ কৰে। ইতিমধ্যে দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষী অহাৰ আগেয়েই অভিযুক্ত কেইজন পলাই যায় যদিও আৰক্ষীৰ এটা দলে নিশাৰ ভাগত অনুসন্ধান চলাই তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

Related News