NORTHEAST NOW (Assamese)

সান্ধ্য আইন চলি থকাৰ মাজতে গাড়ী লৈ আহি লক্ষাধিক টকাৰ সাঁচি গছ কাটি লৈ গ’ল চোৰে

June 20, 2021 4:13 pm · মীনাক্ষী ফুকন
ফটো: নর্থইষ্ট নাও।

সান্ধ্য আইন চলি থকাৰ মাজতে গোলাঘাটৰ বেতিয়নী কাকতিগাঁৱত চোৰে সংঘটিত কৰিলে চুৰি কাৰ্য্য। ঢেকিয়াল আৰক্ষী চকীৰ অন্তৰ্গত গাওঁ খনত সংঘটিত এই চুৰি কাৰ্যই এতিয়া যেন আৰক্ষীৰ চৰম ব্যৰ্থতাকে উদঙালে।

যিহেতু নিশা কাৰ্ফিউৰ মাজতে চোৰে চলালে এই চাফাই অভিযান। গাওঁখনৰ বুলেন বৰুৱা নামৰ লোকজনৰ বাৰীৰ পৰা চোৰে কাটি নিলে বৃহৎ আকাৰৰ ১৩ জোপাকৈ সাঁচি গছ।

প্ৰায় ৫ লাখ টকাৰ এই সাঁচি গছৰ চুৰি কাণ্ডত এতিয়া ত্ৰস্তমান গাওঁবাসী। যিহেতু এই বৃহৎ অঞ্চলটোৰ অধিকাংশ লোকে এই সাঁচি গছ ৰোপণ কৰিয়েই জীৱন নিৰ্বাহ কৰি আছে।

এই খাটি খোৱা লোকসকলৰ আয়ৰ একমাত্ৰ উৎস হৈছে সাঁচি গছৰ ব্যৱসায়। তেনেক্ষেত্ৰত আৰক্ষীৰ চৰম ব্যৰ্থতাক এতিয়া সমালোচনা কৰিছে গাওঁবাসীয়ে।

কেনেকৈ কাৰ্ফিউ চলি থকাৰ মাজতে চোৰে গাড়ী লৈ আহি কাটি নিবলৈ সক্ষম হ’ল এই মূল্যবান গছ কেইডাল তাক লৈয়ো প্ৰশ্ন উঠিছে।

উল্লেখ্য যে, যোৱা কিছুদিন পূৰ্বেও গাওঁখনত চোৰে চুৰি কৰি নিছিল মূল্যবান সাঁচি গছ। কাৰ্ফিউৰ মাজতে সংঘটিত হোৱা এই চুৰি কাণ্ডই আৰক্ষীৰ চৰম ব্যৰ্থতাক পুনৰবাৰ প্ৰমাণ কৰিলে বুলি উল্লেখ কৰে গাওঁবাসীয়ে।

Related News